ভগলপুৰ, 7 মাৰ্চঃবিহাৰৰ ভগলপুৰ জিলাত শোকাৱহ ঘটনা ৷ গংগা নদী গা ধুবলৈ গৈ মৃত্যুক সাবটিলে পাঁচজনকৈ ছাত্ৰই ৷ ছাত্ৰকেইজন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বুলি মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ ঘটনা সন্দৰ্ভত এছডিআৰএফ বাহিনীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰকেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ অভিযানৰ বহু সময় পাচত তিনিজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে যদিও বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰা নাই আন দুজন ছাত্ৰৰ ৷
বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি - five engineering students
বিহাৰৰ ভগলপুৰ জিলাত পাঁচ অভিযান্ত্ৰিক ছাত্ৰ সলিল সমাধি ৷ শনিবাৰে গংগা নদীত গা ধুৱলৈ গৈ অকাল মৃত্যুক সাৱতে ছাত্ৰকেইজনে ৷
![বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি বিহাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6331882-74-6331882-1583603899578.jpg)
বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি
বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি
আনহাতে মৃতদেহ লাভ কৰা ছাত্ৰ তিনিজন অভিযান্ত্ৰিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ বুলি মন্তব্য কৰে কলেজ কৰ্তৃপক্ষই ৷