অসম

assam

ETV Bharat / bharat

স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰায় ৫ গৰাকী কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ - delhi news

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ উচ্চ পদস্থ বিষয়া, চিকিৎসকসহ মুঠ ৫ জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ উপস্থিতি। ইয়াৰ পাছতেই দুদিনৰ বাবে বন্ধ কৰি দিয়া হয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখ্য কাৰ্যালয় 'নিৰ্মাণ ভৱন'।

health ministry
স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰায় ৫ গৰাকী কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ

By

Published : Jun 5, 2020, 9:13 PM IST

নিউজ ডেস্ক, ৫ জুনঃকোভিড-১৯ ত আক্ৰান্ত হৈছে স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰায় ৫ গৰাকী কৰ্মচাৰী। স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখ্য কাৰ্যালয় 'নিৰ্মান ভৱন'ত কৰ্মৰত আটাইকেইগৰাকী কৰ্মচাৰী।

কোভিড ১৯ ত আক্ৰান্ত কৰ্মচাৰীকেইজনৰ ভিতৰত এজন উচ্চ পদস্থ বিষয়া,এজন চিকিৎসক, দুজন কৰ্মচাৰী আৰু এজন সহ সচিব । স্বাস্থ্য বিভাগৰ এক বিশেষ সূত্ৰৰ পৰা এই কথা জানিব পৰা হৈছে। সম্প্ৰতি এই লোককেইজনৰ সংস্পৰ্শত অহা ব্যক্তিৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰায় ৫ গৰাকী কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু স্বাস্থ্য সেৱাৰ মহানিৰ্দেশক (Director General of Health Services)ৰ কাৰ্যালয়'নিৰ্মান ভৱন' ৬ আৰু ৭ জুনত বন্ধ ৰখা হয়। কাৰ্যালয়টোত জৰুৰীকালীত সেৱাত নিয়োজিত কৰ্মচাৰীসকলৰ বাহিৰে সকলো কৰ্মচাৰীক দুদিনৰ বাবে কাৰ্যালয়লৈ যোৱাত বাধা আৰোপ কৰা হৈছে। কৰ্মচাৰীকেইজনৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই কাৰ্যালয়টোত থকা সকলো আচ-বাব,কম্পিউটাৰ,দৰ্জা,চোফা,ষ্টেনাৰ আদি ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হয়।

লগতে চাওকঃ ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ

ABOUT THE AUTHOR

...view details