নেশ্যনেল ডেস্ক, ২৭ জুন : মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ সংলগ্ন পথত শুকুৰবাৰে সন্ধিয়া সংঘটিত হোৱা এক দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটনাটোত থিতাতে ৪ জনৰ মৃত্যু হোৱাৰ বিপৰীতে এজনৰ অৱস্থা সংকটজনক হোৱাৰ পিছত তেওঁক হাস্পতালত লৈ যোৱাৰ মূহুৰ্তত এম্বুলেন্সতে মৃত্যু হয় ।
মুম্বাই-আহমেদাবাদ পথত দুৰ্ঘটনা, নিহত ৫ জন আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ৫ জনীয়া লোকৰ Wagon R বাহনখন অতি দ্ৰুতগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই মুম্বাই-আহমেদাবাদৰ সংলগ্ন তালাচাৰী পথৰ ডিভাইদাৰত খুন্দা মাৰে । বাহনখন নালাচোপাৰাৰ পৰা গুজৰাটৰ নাভচাৰী অভিমুখে গৈ আছিল ।
উল্লেখ্য যে, মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ পাঁচবিধ অস্ত্ৰ সাজু কেজৰিৱাল চৰকাৰৰ