জয়পুৰ,14 নৱেম্বৰ: পাঁচগৰাকী লোকে অত্যধিক সুৰা সেৱনৰ ফলত মৃত্যু ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰ জিলাৰ কামান অঞ্চলত ৷ শনিবাৰে জিলাখনৰ আৰক্ষী সূত্ৰই সদৰী কৰে এই কথা ৷ আৰক্ষী সূত্ৰই সদৰী কৰা মতে, অত্যধিক সুৰা সেৱনৰ ফলত এগৰাকী ব্যক্তি ৰোগাক্ৰান্ত হয় আৰু চিকিৎসাৰ বাবে ততালিকে ব্যক্তিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
ৰাজস্থানত অত্যধিক সুৰা সেৱনৰ ফলত মৃত্যু পাঁচগৰাকীৰ - ৰাজস্থান
ৰাজস্থানৰ ভৰতপুৰ জিলাত অত্যধিক মাত্ৰাত সুৰা সেৱন কৰাৰ ফলত পাঁচগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ এই কথা শনিবাৰে প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই ৷
চাৰিগৰাকী ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈয়ে পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰে ৷ সেয়ে এইসকল ব্যক্তিৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ আনগৰাকী ব্যক্তি উত্তৰ প্ৰদেশৰ মথুৰাৰ এক চিকিৎসালয়ত মৃত্যু ঘটে ৷ ব্যক্তিগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ কামান আৰক্ষীৰ শীৰ্ষ বিষয়া সুমিত মেহৰদাই এই কথা প্ৰকাশ কৰে ৷ লগতে কয় যে, মৃত ব্যক্তিগৰাকী সুৰাসক্ত অৱস্থাত আছিল ৷ সম্প্ৰতি আৰক্ষীৰ লগতে আবকাৰী বিভাগে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷