নিউজ ডেস্ক, 26 ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ অন্তৰ্গত পুণেৰ আৰাণেশ্বৰ এলেকাত দেৱাল খহি পৰাৰ ফলত এজন শিশুসহ 10জন লোকৰ মৃত্যু হয় ৷ জানিব পৰা মতে অঞ্চলটোত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
মহাৰাষ্টৰ পুণেত দেৱাল খহি 10 জনৰ মৃত্যু - পুৰন্দৰ,বাৰামতি,ভ'ৰ
মুম্বাইৰ পুণেত হৈ থকা মূষলধাৰ বৰষুণৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনাটোত এজন শিশুসহ 10 জন লোকৰ মৃত্যু হয় ৷ এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে ৷

ঘটনাটো সংঘটিত হোৱাৰ পাচতে এন ডি আৰ এফ বাহিনীৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দেৱালৰ ভগ্নাৱাশেষৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চাচোন চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পাচত আৰু অঞ্চলটোত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে পুণেৰ উপায়ুক্ত নৱল কিশোৰে ৰামে পুণে চহৰ,পুৰন্দৰ,বাৰামতি,ভ'ৰ আৰু হাৱেলি টেহচিলত থকা বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে ৷ উল্লেখ্য যে বুধবাৰে 'দ্যা মেটেৰিঅ'লজিকেল ডিপাৰ্টমেন্টে' মুম্বাই আৰু মহাৰাষ্ট্ৰৰ সমীপৱৰ্তী অঞ্চল সমূহত বিধ্বংসী ধুমুহা অহাৰ আগজাননী দিছিল ৷ ইপিনে মঙলবাৰেও মুম্বাইৰ খাৰ অঞ্চলত এটা অট্টালিকা খহি পৰাত 10 বছৰীয়া কিশোৰী এগৰাকীৰ মৃত্যু হৈছিল ৷