নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰঃ ভাৰতীয় নৌ-সেনাত ইতিহাস ৰচনা কৰিলে বিহাৰৰ শিৱাংগী সিঙে ৷ বিহাৰৰ মুজাফৰপুৰৰ বাসিন্দা শিৱাংগীয়ে ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক (Pilot) হিচাপে আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰে ৷ ভাৰতীয় নৌ-সেনা দিৱসলৈ দুদিন বাকী থকা অৱস্থাত 2 ডিচেম্বৰ তাৰিখে নৌ-সেনাৰ ডৰ্ণিয়াৰ ফ্লীটৰ এগৰাকী বৈমানিক হিচাপে কমিছন প্ৰাপ্ত কৰে ছাব লেফ. শিৱাংগী সিঙে ৷
ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক ছাব লেফ. শিৱাংগী সিং - নৌ-সেনা বৈমানিক ছাব লেফ শিৱাংগী সিং
ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক (পাইলট) ছাব লেফ. শিৱাংগীয়ে ডিচেম্বৰ 2 তাৰিখে নৌ-অভিযানৰ বাবে নিয়োজিত হয় ৷ কেৰালাৰ ইজিমালাস্থিত ভাৰতীয় নৌ-সেনা একাডেমি (Indian Naval Academy, Ezhimala)ৰ পৰা নৌ-সেনাৰ SSC বৈমানিক গোট (Pilot)ৰ 27 NOC প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰি নৌ-সেনাৰ বায়ু অভিযানত যোগদান কৰে দেশৰ প্ৰথমগৰাকী নৌ-সেনা মহিলা বৈমানিক ছাব লেফ. শিৱাংগীয়ে ৷
2018 চনৰ জুন মাহত ভাৰতীয় নৌ-সেনাৰ SSC (Pilot)ৰ 27 NOC course উত্তীৰ্ণ হৈ কেৰালাৰ ইজিমালাস্থিত Indian Naval Academyত ভৰ্তি হয় শিৱাংগী সিং ৷ ইজিমালাত নিজৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ সমাপ্ত কৰাৰ লগতে, কোচিস্থিত Southern Naval Commandৰ লগতে হায়দৰাবাদস্থিত Indian Air Force Academyত নিজৰ দ্বিতীয়লানি প্ৰশিক্ষণ সমাপ্ত কৰে ছাব লেফ. শিৱাংগী সিঙে ৷ দুইলানি প্ৰাৰম্ভিক প্ৰশিক্ষণৰ অন্তত 2 ডিচেম্বৰ তাৰিখে নিজৰ দুইগৰাকী সহযোগীৰ লগতে ফ্লায়িং ৱিং লাভ কৰি নৌ-সেনাৰ ডৰ্ণিয়াৰ ফ্লীটত কমিছন প্ৰাপ্ত কৰে ছাব লেফ. শিৱাংগী সিঙে ৷ ইজিমালাস্থিত Indian Naval Academyৰ কামাণ্ডাৰ ভাইচ এডমিৰেল একে চাওলাই শিৱাংগীৰ লগতে আন দুগৰাকী বিষয়াক প্ৰদান কৰে ফ্লায়িং ৱিং ৷ ফ্লায়িং ৱিং লাভ কৰাৰ লগে লগে ইতিহাস ৰচনা কৰি ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক (Pilot) হিচাপে খ্যাতি অৰ্জন কৰে ছাব লেফ. শিৱাংগী সিঙে ৷
লগতে পঢ়কঃ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ