নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ ১৬ এপ্ৰিল ১৮৫৩ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতত আৰম্ভ হৈছিল যাত্ৰী বাহী ৰে'লৰ চলাচল । ২০২০ বৰ্ষৰ ১৬ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে ভাৰতীয় ৰে'লৱেয়ে সম্পূৰ্ণ কৰে নিজৰ ১৬৭ টা বছৰ । কিন্তু এই দীঘলীয়া পৰিক্ৰমাত ইতিহাসত প্ৰথমবাৰৰ বাবে স্তব্ধ হৈ পৰিছে ভাৰতীয় যাত্ৰীবাহি ৰে'ল সেৱা । কৰ'ণা ভাইৰাছৰ বিভীষিকা আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবেই বাতিল কৰা হৈছে ৰে'লৰ চলাচল ।
যোৱা ১৬৭ টা বছৰত সন্ত্ৰাসবাদী আক্ৰমণেই হওক অথবা অন্য কিবা কেতিয়াও স্তব্ধ হোৱা নাছিল ভাৰতীয় ৰে'ল সেৱা । কিন্তু কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবেই প্ৰথমবাৰৰ বাবে সেৱাৰ পৰা বঞ্চিত হৈছে ভাৰতীয় ৰে'ল । আনহাতে ২০০৬ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ ১ ঘণ্টাৰ ভিতৰতেই পুনৰ চলাচল কৰা হৈছিল ৰে'লৰ সেৱা ।
এই সন্দৰ্ভত দেশৰ ৰে'লৱে মন্ত্ৰী পীয়ুষ গোৱেলে টুইট কৰি কয়, ১৬৭ চনৰ পূৰ্বে 'Never to Stop' বাণীৰেই মুম্বাইৰ পৰা থানেলৈ প্ৰথমবাৰৰ বাবে চলা হৈছিল যাত্ৰীবাহী ৰে'ল । কিন্তু ইতিহাসত প্ৰথমবাৰৰ বাবে নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে যাত্ৰীবাহি ৰে'ল সেৱা । ঘৰৰ ভিতৰত থাকক, দেশক জয়ী কৰক ।
ভাৰতীয় ৰে'লে সম্পূৰ্ণ কৰিল নিজৰ ১৬৭ টা বছৰ
ভাৰতৰ প্ৰথমখন যাত্ৰীবাহী ৰে'লখন সেই সময়ৰ বোম্বে (বৰি বন্দৰ) পৰা থানেলৈ ১৮৫৩ চনৰ ১৬ এপ্ৰিলত শুভাৰম্ভ কৰা হৈছিল । ১৪ টা ডবাযুক্ত ৰে'লখনক তিনিটা ষ্টিম ল'ক'মটিভ ছাহিব, সিন্ধ আৰু চুলতানৰ দ্বাৰা ৰখোৱা হৈছিল । এই ৰে'লখনত প্ৰায় ৪০০ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল । ৩৪ কিলোমিটাৰ প্ৰতিঘণ্টাৰে ৫৭ মিনিটত নিজৰ গন্তব্য স্থানলৈ গৈ পাইছিল ৰে'লখন । গ্ৰেট ইণ্ডিয়ান পেনিনচুলা (GIP) ৰে'লৱেৰ দ্বাৰা সংঞ্চালন কৰা হৈছিল ৰে'লখনক ।
বৰি বন্দৰ ষ্টেচনক নিৰ্মাণৰ পিচত ১৮৮৭ চনত ভিক্টৰিয়া টাৰ্মিনাছ নামেৰে নামাকৰণ কৰা হয় । কিন্তু ১৯৯৬ চনত পুনৰ ইয়াৰ নাম সলনি কৰি চত্ৰপতি শিৱাজী টাৰ্মিনাছ কৰা হয় । আকৌ ২০১৭ চনত ইয়াৰ কিছু সংশোধন কৰি চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছবুলি নামাকৰণ কৰা হয় । বৰ্তমান GIP ৰে'লেৱেও কেন্দ্ৰীয় ৰে'লৱেলৈ ৰূপান্তৰিত হৈছে ।
কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবেই দেশত লক্ ডাউন ঘোষণাৰ পাচতেই যোৱা ১৪ এপ্ৰিলত ৰে'ল মন্ত্ৰণালয়ে যাত্ৰীবাহী ৰে'ল সেৱা বাতিলৰ ঘোষণা কৰিছিল । যিটো বৰ্তমান ৩ মে' লৈ বৃদ্ধি কৰা হৈছে । বৰ্তমান সময়ত কেৱল অত্যাৱশকীয় সামগ্ৰী নিব পৰা মালবাহী ৰে'ল হে দেশত নিজৰ সেৱা আগবঢ়াই আছে ।