নিউজ ডেস্ক, ৫ জুনঃ বৃহস্পতিবাৰে দিল্লী বিশ্ববিদ্যালয়ে কৰে এক বিশেষ ঘোষণা । বিশ্ববিদ্যালখনৰ স্নাতকোত্তৰৰ প্ৰথমবৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক আভ্যন্তৰীণ মূল্যায়ন তথা পূৰ্বৰ সান্মাষিকসমূহৰ প্ৰদৰ্শনৰ ভিত্তিতে গ্ৰেড প্ৰদান কৰা হ'ব বুলি সদৰী কৰে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
প্ৰথম, দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীক পূৰ্বৰ মূল্যায়ন, প্ৰদৰ্শনৰ ভিত্তিত গ্ৰেড প্ৰদান হ'ব : দিল্লী বিশ্ববিদ্যালয় - স্নাতকোত্তৰৰ প্ৰথমবৰ্ষ আৰু দ্বিতীয় বৰ্ষ
স্নাতকোত্তৰৰ প্ৰথমবৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীক পূৰ্বৰ সান্মাষিকসমূহৰ প্ৰদৰ্শনৰ ভিত্তিত গ্ৰেড প্ৰদান কৰিব বুলি বৃহস্পতিবাৰে সদৰী কৰে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । লগতে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীয়ে অনলাইনযোগে পৰীক্ষা দিব লাগিব বুলিও সদৰী কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীক পূৰ্বৰ সান্মাষিকৰ প্ৰদৰ্শনৰ ভিত্তিত গ্ৰেড প্ৰদান হ'বঃ দিল্লী বিশ্ববিদ্যালয়
আনহাতে, শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ তীব্ৰ বিৰোধিতাৰ পাচতো বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল অনলাইনযোগে তথা অ'পেন বুক পৰীক্ষা দিব লাগিব বুলি সদৰী কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী COVID-19ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।