সোমবাৰে "পাব্লিক একাউণ্টচ কমিটি"ৰ প্ৰথমখন মিটিং - পাব্লিক একাউণ্ট কমিটি
2019-20 বৰ্ষৰ বাবে পৰীক্ষাৰ বিষয় বাছনিৰ বাবে সোমবাৰে পাব্লিক একাউণ্টচ কমিটি প্ৰথম সভাখন অনুষ্ঠিত হ'ব ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত হ'ব সভাখন ৷
![সোমবাৰে "পাব্লিক একাউণ্টচ কমিটি"ৰ প্ৰথমখন মিটিং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4243229-thumbnail-3x2-public.jpg)
নতুন দিল্লী,26আগষ্টঃ সোমবাৰে 17তম লোকসভাৰ "পাব্লিক একাউণ্টচ কমিটি"ৰ এখন মিটিং প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৷ 2019-20 বৰ্ষৰ পৰীক্ষাৰ বিষয় বাছনিৰ বাবে কমিটি খনৰ প্ৰথম সভাখন অনুষ্ঠিত হ'ব ৷
উল্লেখ্য যে উক্ত সমিতিখন 22জন সদস্যৰে গঠিত আৰু কমিটিখনৰ নেতৃত্ব বহন কৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷ কমিটি খনৰ এখন অনানুষ্ঠানিক সভা পূৰ্বতে অনুষ্ঠিত হৈছিল য'ত অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ অ'ম বিৰলাৰ পৰা আজিৰ সভাখন অনুষ্ঠিত কৰাৰ বাবে অনুমতি লৈছিল ৷ কমিতিখনৰ 22 জন সদস্যৰ 15 জন সদস্য লোকসভাৰ পৰা নিৰ্বাচিত আৰু আন 7 জন সদস্য ৰাজ্য সভাৰ পৰা নিৰ্বাচিত ৷ বিজেপিৰ জ্যেষ্ঠ নেতা ভূপেন্দৰ যাদৱ, জয়ন্ত সিংহা, ৰাজীৱ চন্দ্ৰশেখৰ, চি এম ৰমেশ, ত্ৰিণমূল কংগ্ৰেছৰ সুখেন্দু শেখৰ ৰয়, সমাজবাদী পাৰ্টিৰ ৰাম গোপাল যাদৱ, আকালি দলৰ নৰেশ গুজৰাল আদি নেতা উক্ত কমিটি খনৰ সদস্য ৷