নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ মহামাৰী COVID-19 আক্ৰান্ত হৈছিল ইটিভি ভাৰতৰ সংবাদদাতা এম মনিকান্দন । বৰ্তমান সংবাদদাতা গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিছে যদিও COVID-19 আক্ৰান্ত হৈ থকা সময়ত কেনেধৰণৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল সেয়া ব্যক্ত কৰে ইটিভি ভাৰতক ।
সংবাদদাতা মনিকান্দনে কয় যে, তেখেতে মহামাৰী COVID-19ত আক্ৰান্ত হোৱাতকৈ সমাজৰ পৰা বঞ্চিত তথা লাঞ্ছনা হ'বলগীয়া সময়খিনি আছিল তেখেতৰ বাবে আটাইতকৈ কঠিন । যি মনিকান্দনৰ বাবে তেখেতৰ পৰিয়ালৰ সদস্যও সন্মুখীন হৈছিল ।
মনিকান্দনৰ ২১দিন পৰ্যন্ত চিকিৎসা আৰম্ভ হৈছিল তামিলনাডুৰ থঞ্জাবুৰ চিকিৎসা মহাবিদ্যালয়ত । কৰ্মসূত্ৰে মনিকান্দন দিল্লীত আছিল যদিও মহামাৰী COVID-19ৰ দেশজুৰি সংক্ৰমণৰ খবৰ লাভ কৰাৰ পাচতে গৃহ জিলালৈ যাবৰ সিন্ধান্ত গ্ৰহণ কৰে । ২৪ মাৰ্চত দিল্লীৰ পৰা এয়াৰপোৰ্টৰ পৰা গৃহ জিলা চেন্নাইলৈ গুছি আহে ।
চেন্নাইৰ পৰা থঞ্জাবুৰলৈ আহি থকা সময়তে মনিকান্দনে নিজৰ শৰীৰত বিষ অনুভৱ কৰে । আৰু তাৰ পাচতে মনিকান্দনে নিজকে কোৱাৰেনটাইন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । কোৱাৰেনটাইনৰ বাবে প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হয় সংবাদদাতা গৰাকী । আনহাতে, তেতিয়ালৈকে মনিকান্দনে খবৰ লাভ কৰে যে, দিল্লীৰ পৰা যিখন বিমানেৰে মনিকান্দনে চেন্নাইলৈ আহিছিল সেইখন বিমানত আছিল মহামাৰী COVID-19 আক্ৰান্ত এগৰাকী যাত্ৰী । তাৰ পাচতে স্থানীয় প্ৰাথমিক চিকিৎসালয়ৰ বিষয়াই মনিকান্দনক COVID-19 পৰীক্ষা কৰে থঞ্জাবুৰ চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াই দিয়ে ।
তেনে সময়তে মনিকান্দনৰ ঘৰৰ চাৰিওফালে চৰ্চা আৰম্ভ হৈছিল যে, তেওঁ মহামাৰী COVID-19 ত আক্ৰান্ত । লগতে অঞ্চলটোৰ ব্যক্তিসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হয় ।
২ এপ্ৰিলত তেখেতেৰ COVID-19 পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰে যদিও তাৰ পাঁচ দিন পাচত মনিকান্দন COVID-19 আক্ৰান্ত হয় বুলি চিকিৎসকে সদৰী কৰে । কিন্তু তেতিয়ালৈতে মনিকান্দনৰ দেহত ধৰা পৰা নাছিল কোনো ধৰণৰ COVID-19 ৰ লক্ষণ ।
মনিকান্দন COVID-19 আক্ৰান্ত হোৱা ১ দিন পাচতে তেখেতৰ পৰিয়ালৰ সদস্যসকলৰ পৰীক্ষা কৰা হৈছিল । কিন্তু পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ COVID-19 ৰ ৰিজাল্ট নিগেটিভ হয় । সম্ভৱত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবেই আটাইকেইগৰাকী সদস্যৰ ৰিজাল্ট নিগেটিভ আহে । কিন্তু তাৰ পাচতে পৰিয়ালৰ সদস্যসকলক ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা হয় ।