অসম

assam

ETV Bharat / bharat

ক'ৰোনা ভাইৰাছত আক্ৰান্ত গুজৰাটৰ দুজন ব্যক্তি - গুজৰাটত ক'ৰোনা ভাইৰাছত আক্ৰান্ত দুজন ব্যক্তি

আক্ৰান্ত ব্যক্তিদ্বয়ৰ এজন ৰাজকোটৰ লগতে আনজন সুৰতৰ

ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে গুজৰাটৰ দুজন লোকc
ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে গুজৰাটৰ দুজন লোক

By

Published : Mar 20, 2020, 3:57 AM IST

নিউজ ডেস্ক, 20 মাৰ্চঃ দেশৰ কেবাখনো ৰাজ্যৰ সমান্তৰালকৈ এইবাৰ ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে গুজৰাটৰ দুজন লোক ৷ বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে সদৰি কৰে এই তথ্য ৷ ৰাজ্যখনৰ এয়া প্ৰথমটো ক'ৰোনা ভাইৰাছত আক্ৰান্তৰ ঘটনা ৷

জানিব পৰা মতে, আক্ৰান্ত ব্যক্তিদ্বয়ৰ এজন ৰাজকোটৰ লগতে আনজন সুৰতৰ ৷ স্বাস্থ্য বিভাগে টুইটাৰৰ জৰিয়তে জনোৱা মতে, ভাইৰাছত আক্ৰান্ত ব্যক্তিদ্বয়ক স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক আছুতীয়াকৈ ৰখাৰ লগতে চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে ৷

শেহতীয়া খবৰ অনুযায়ী মহাৰাষ্ট্ৰত দেশৰ সৰ্বাধিক লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 50 জন বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি

ABOUT THE AUTHOR

...view details