অসম

assam

By

Published : Jan 19, 2021, 1:31 PM IST

ETV Bharat / bharat

লাভ জেহাদৰ ভয়ংকৰ পৰিণতি

মধ্য প্ৰদেশৰ ক'টাৱালিত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা ৷ লাভ জেহাদৰ আলম লৈ ভুক্তভোগীক কৰিছিল শাৰিৰীক-মানসিক অত্যাচাৰ ৷ ইতিমধ্যে ক'টাৱালি আৰক্ষীয়ে সোহেল আৰু চুনি মাংচুৰী নামৰ দুই যুৱকক আটক কৰিছে ৷

মধ্য প্ৰদেশৰ ক'টাৱালিত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা
মধ্য প্ৰদেশৰ ক'টাৱালিত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা

নেশ্যনেল ডেস্ক,19 জানুৱাৰী : মধ্য প্ৰদেশৰ ক'টাৱালিত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা ৷ এগৰাকী হিন্দু মহিলাক বলপূৰ্বকভাৱে শাৰিৰীক অত্যাচাৰ কৰাৰ ফলতেই পোহৰলৈ আহিছে এই লাভ জেহাদৰ ঘটনা ৷

ক'টাৱালি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ যাদৱে জনোৱা মতে, অভিযুক্ত গৰাকীয়ে নিজৰ পৰিচয় গোপন ৰাখি ভুক্তভোগীৰ সৈতে চাৰি বছৰ সম্পৰ্কত আছিল ৷ ভুক্তভোগী মহিলাগৰাকীক বিবাহ কৰাৰ প্ৰতিশ্ৰুতি দি ইছলাম ধৰ্মলৈ ৰূপান্তৰ কৰাবলৈ চেষ্টা কৰিছিল ৷ অৱশেষত ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃক এই সকলো কথা অৱগত কৰাত 'লাভ জেহাদ-প্ৰতিৰোধী' আইনৰ অধীনত এক গোচৰ ৰুজু কৰে ৷

ইতিমধ্যে এই ঘটনাৰ আলমত ক'টৱালি আৰক্ষীয়ে সোহেল আৰু চুনি মাংচুৰী নামৰ দুই যুৱকক আটক কৰে ৷

লগতে পঢ়ক :শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নষ্ট হ’ল ১০০০ কোভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details