তেলেংগানা,29 ডিচেম্বৰ:নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী তেলেংগানাত চিনাক্ত হৈছে । ডিচেম্বৰ মাহৰ ১০তাৰিখে আমেৰিকাৰ পৰা তেলেংগানালৈ অহা এজন ৪৯ বছৰীয়া ব্যক্তিৰ দেহত নতুন COVID-19 ধৰা পৰিছে। অৱশ্যে,স্বাস্থ্য বিভাগৰ বিষয়াসকলে এতিয়াও ইয়াক নিশ্চিত কৰিব পৰা নাই।
তথ্য অনুসৰি,তেলেংগানাৰ ৱাৰাংগালৰ এজন লোকৰ দেহত ১৬ ডিচেম্বৰত ক'ভিডৰ লক্ষণ ধৰা পৰিছিল ৷ তাৰ পাচতে পৰীক্ষা কৰাত ফলাফল পজিটিভ পোৱা যায়। সম্প্ৰতি ৱাৰাংগালৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ৰোগীজনক । ইতিমধ্যে,স্বাস্থ্য বিভাগৰ বিষয়াসকলে ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ পৰীক্ষাৰ অন্তত ব্যক্তিজনৰ ৭১ বছৰীয়া মাতৃয়েও আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷