নেশ্যনেল ডেক্স, 4 চেপ্তেম্বৰঃ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ দ্বাৰা পৰিচালিত তেলৰ টেংকাৰ ‘নিউ ডাইমণ্ড’ত সূত্ৰপাত হোৱা অগ্নি নিয়ন্ত্ৰণৰ বাবে দ্বিতীয় দিনাও প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় উপকুল ৰক্ষীয়ে ৷ ইতিমধ্যে তেল টেংকাৰৰ কৰ্মচাৰী থকা অঞ্চলটোত সুৰক্ষিতভাৱে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে ভাৰতীয় উপকুল ৰক্ষীয়ে ৷ জলস্তৰৰ 10 মিটাৰ ওপৰত পোৰ্ট এফট অংশৰ কাষত এটি দুই মিটাৰ দৈৰ্ঘ্যৰ ফাঁট প্ৰত্যক্ষ কৰাৰ কথাও জানিবলৈ দিয়ে উপকুল ৰক্ষীয়ে ৷
ভাৰতীয় উপকুলীয় সুৰক্ষা সংস্থাই অতিৰিক্ত জাহাজ ‘আমেয়া’ আৰু ‘অভিক’ক মোতায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে বিমান প্ৰচেষ্টাৰ বাবে দুখনকৈ ‘ডাৰ্নিয়াৰ’ বিমান ব্যৱহাৰ কৰা হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শ্ৰী লংকাৰ তীৰৰ পৰা 37 মাইল আঁতৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ধাৰণ ক্ষমতাতকৈ অধিক ভৰ্তি হৈ থকা ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ টেংকাৰখনত ৷