নিউজ ডেস্ক, ১১ মাৰ্চ : এক বিভীষিকাময় দৃশ্য। ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন বাহন। বাহনৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ এটা পৰিয়াল।
![ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল চলন্ত বাহন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2660335-129-72984dae-c602-42f4-b5d9-6fc94de8e02a.jpg)
এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীৰ অক্সৰধাম অঞ্চলত। দেওবাৰে পৰিয়াল সহিতে গাজিয়াবাদৰ পৰা দিল্লীলৈ গৈ আছিল উপেন্দ্ৰ নামৰ লোকজন। কিন্তু গন্তব্যস্থান পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থাকোতেই ৰাজপথতেই জ্বলি উঠে উপেন্দ্ৰৰ ব্যক্তিগত বাহনখন। এই তাৎক্ষণিক ঘটনাত ভীতিগ্ৰস্ত হৈ পৰেউপেন্দ্ৰ। একো উৱাদিহ নাপাই বাহনৰ সন্মূখ দুৱাৰ যেনে-তেনে খুলি আগচিটত বহি থকা নিজ কন্যাৰ সৈতে তেওঁ কোনোৰকমে বাহিৰলৈ ওলাই আহে। পাচফালৰ চিটত বহি থকা পত্নী আৰু দুই কন্যাকউলিয়াবলৈ যথোপৰাণ চেষ্টা অব্যাহত ৰাখে যদিও সেই সময়তে প্ৰচণ্ড বিস্ফোৰণেৰে সম্পূৰ্ণভাৱে জ্বলি যায় উপেন্দ্ৰৰ বাহনখন। এই জুইত জীৱন্তে অগ্নিদগ্ধ হয় উপেন্দ্ৰৰ পত্নী আৰু দুই কন্যা।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই। চি এন জি গেছৰ নিৰ্গমনৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছ আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীয়ে।