নিউজ ডেস্ক, 9 আগষ্টঃ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াস্থিত ক'ভিড কেয়াৰ চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড ৷ দেওবাৰে পুৱা প্ৰায় 5 বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত মৃত্যু হয় প্ৰায় 10 গৰাকী লোকৰ ৷
বিজয়ৱাড়াৰ কৰ'ণা চেণ্টাৰত অগ্নিকাণ্ড, নিহত 7 চেণ্টাৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত আৱৰি ধৰা ধোঁৱাৰ বাবে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয় COVID-19 ত আক্ৰান্ত ব্যক্তিসকল ৷ যাৰ পৰিপ্ৰেক্ষিতত খিৰিকিৰে বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে ৰোগীসকলে ৷ খন্তেক পাচত ঘটনাস্থলীত এটি উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় ৷ অগ্নিকাণ্ড সংঘটিত চেণ্টাৰৰ পৰা এম্বুলেঞ্চৰ জৰিয়তে লেৱদীপৰ ৰমেশ হাস্পতালত ভৰ্তি কৰোৱা হয় ৰোগীসকলক ৷
বিজয়ৱাড়াৰ কৰ'ণা চেণ্টাৰত অগ্নিকাণ্ড, নিহত 7 আনহাতে, ঘটনা সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ অগ্নিকাণ্ডত মৃত্যু হোৱা ব্যক্তিসকলৰ পৰিয়াললৈ 50 লাখকৈ টকাকৈ সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ঘটনা সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰশসানক উচিত ব্যৱস্থা গ্ৰহণ আৰু আঘাতপ্ৰাপ্তসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে ৷
বিজয়ৱাড়াৰ কৰ'ণা চেণ্টাৰত অগ্নিকাণ্ড, নিহত 7 উল্লেখ্য যে, বিজয়ৱাড়াৰ স্বৰ্ণ পেলেছ হোটেলক ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ এই চেণ্টাৰত 30 গৰাকী COVID-19 ত আক্ৰান্ত ব্যক্তি থকাৰ উপৰিও এই ব্যক্তিসকলক 10 গৰাকী কৰ্মচাৰীয়ে চিকিৎসা সেৱা আগবঢ়াই আছিল ৷
লগতে পঢ়কঃজম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ