অসম

assam

ETV Bharat / bharat

গাজিয়াবাদত ম'মবাতি নিৰ্মানকাৰী প্ৰতিষ্ঠানত অগ্নিকাণ্ডঃ ৭ গৰাকী নিহত - অগ্নিনিৰ্বাপক বাহিনী

গাজিয়াবাদত ম'মবাতি নিৰ্মানকাৰী প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হৈ ৭ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে চাৰিগৰাকী লোক আহত হৈছে। টুইটাৰযোগে ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

অগ্নিকাণ্ড
Fire breaks out at candle factory in Ghaziabad, multiple casualties feared

By

Published : Jul 5, 2020, 9:06 PM IST

নিউজ ডেস্ক, ৫ জুলাইঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত দেওবাৰে সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এটা ম'মবাতি নিৰ্মানকাৰী প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন চাৰিগৰাকী লোক। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ।

গাজিয়াবাদৰ মোডী নগৰ অঞ্চলত দিনৰ প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক উপস্থিত হয় ।

ইফালে, এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে টুইটাৰযোগে শোক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । লগতে, গাজিয়াবাদ জিলা ন্যায়াধিশ অজয় শংকৰ পাণ্ডে তথা জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক কালানিধী নৈথানীক ঘটনাস্থলীলৈ গৈ ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰে । দেওবাৰে নিশাৰ ভাগলৈকে জিলা ন্যায়াধীশ আৰু জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক গৰাকীৰ পৰা এই ঘটনাৰ প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

ABOUT THE AUTHOR

...view details