অসম

assam

ETV Bharat / bharat

কেৰালাৰ কোঝিকোডত বিধ্বংসী অগ্নিকাণ্ড - আৱৰ্জনাৰ

কোঝিকোডৰ এটা আৱৰ্জনাৰ গুডামত মঙলবাৰে পুৱা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই জনোৱা মতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

কেৰালাৰ কোঝিকোডত বিধ্বংসী অগ্নিকাণ্ড
কেৰালাৰ কোঝিকোডত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Dec 29, 2020, 9:29 PM IST

নেশ্য়নেল ডেস্ক , ২৯ ডিচেম্বৰ :কেৰালাৰ চেৰুভান্নুৰস্থিত এটা আৱৰ্জনাৰ গুডামত মঙলবাৰে পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই জনোৱা মতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই আৰু তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

এটা চিলিণ্ডাৰৰ গুডাম, কিছুমান গাড়ীৰ শ্ব'ৰূম আৰু আবাসিক অঞ্চলৰ মাজত আছে আৱৰ্জনাৰ এই গুডামটো । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই জনোৱা মতে জুই প্ৰত্য়ক্ষ কৰাৰ পিছতে গুডামৰ পৰা চিলিণ্ডাৰ আৰু গাড়ীসমূহ আন ঠাইলৈ স্থানান্তৰ কৰা হয় । ইফালে জুই নিয়ন্ত্ৰণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ব্য়ৱহাৰ কৰা হয় ।

লগতে পঢ়ক :ব্যক্তিগতকৰণ সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থাক হাইজেক কৰাৰ এটি আহিলাঃৰতন ভৌমিক

ABOUT THE AUTHOR

...view details