অসম

assam

ETV Bharat / bharat

ফায়াৰ এণ্ড ফিউৰি ক'ৰত স্থলসেনাৰ পদাতিক বাহিনী দিৱস উদযাপন - কুমাওন ৰেজিমেন্টৰ চতুৰ্থ বাহিনী

স্থলসেনাৰ ফায়াৰ এণ্ড ফিউৰি ক'ৰে মঙলবাৰে সামৰিক মৰ্যদাৰে উদযাপন কৰে 74সংখ্যক পদাতিক (ইনফেন্ট্ৰি দে) বাহিনী দিৱস ৷ লেহস্থিত ক'ৰৰ মুখ্যালয়ত এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে লেফ. জেন. পিজিকে মেননে ৷

ফায়াৰ এণ্ড ফিউৰি ক'ৰত স্থলসেনাৰ পদাতিক বাহিনী দিৱস উদযাপন
ফায়াৰ এণ্ড ফিউৰি ক'ৰত স্থলসেনাৰ পদাতিক বাহিনী দিৱস উদযাপন

By

Published : Oct 27, 2020, 2:14 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰ : স্থলসেনাৰ 74 সংখ্যক ইনফেন্ট্ৰি দে অৰ্থাৎ পদাতিক বাহিনী দিৱস সম্পূৰ্ণ সামৰিক মৰ্যদাৰে উদযাপন কৰা হয় ৷ লাডাখৰ লেহস্থিত ফায়াৰ এণ্ড ফিউৰি ক'ৰ মুখ্যালয়ৰ ক'ৰ কামাণ্ডিং বিষয়া লেফ. জেন. পিজিকে মেননৰ উপস্থিতিত এই বিশেষ দিনটোত পদাতিক সৈনিকসকলে কৰ্তব্যৰ খাতিৰত তেওঁলোকে কৰা বলিদান, ত্যাগ আৰু দেশসেৱাৰ বাবে সোঁৱৰণ কৰা হয় ৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে দুখনকৈ চিৰবৈৰী দেশেৰে আৱৰি থকা লাডাখ অঞ্চলৰ সুৰক্ষাৰ দায়িত্বত থকা ক'ৰ পদাতিক সৈনিকসকলৰ কৰ্তব্যনিষ্ঠা আৰু আত্মত্যাগ তথা দেশসেৱাৰ মনোভাৱক প্ৰশংসা কৰে লেফ. জেন. গৰাকীয়ে ৷

ভাৰতীয় স্থলসেনাই প্ৰতিবছৰে 27 অক্টোবৰৰ দিনটো পদাতিক বাহিনী দিৱস হিচাপে পালন কৰি আহিছে ৷ শিখ ৰেজিমেন্টৰ প্ৰথম বাহিনীয়ে স্বাধীন ভাৰতৰ ওপৰত হোৱা প্ৰথমটো আক্ৰমণক প্ৰতিহত কৰি বিজয় সাব্যস্ত কৰিছিল আৰু তাৰ স্মৃতিত স্থলসেনাই এই দিৱস পালন কৰি আহিছে ৷ শিখ ৰেজিমেন্টক এই কাৰ্যত সহায় কৰিছিল কুমাওন ৰেজিমেন্টৰ চতুৰ্থ বাহিনীৰ লগতে ভাৰতীয় বায়ুসেনাই ৷ আজিৰ দিনটোতে 1947 চনত শ্ৰীনগৰত উপস্থিত হৈছিল শিখ আৰু কুমাওন ৰেজিমেন্টৰ সৈনিকসকল আৰু পাকিস্তানৰ কাবাইলিছ সন্ত্ৰাসবাদীৰ হাতোৰাৰ পৰা শ্ৰীনগৰ বিমানবন্দৰক ৰক্ষা কৰিছিল ৷

ফায়াৰ এণ্ড ফিউৰি ক'ৰত স্থলসেনাৰ পদাতিক বাহিনী দিৱস উদযাপন

উল্লেখ্যযোগ্য যে, বৰ্তমান সময়লৈ সেনাবাহিনীক প্ৰদান কৰা সৰ্বোচ্চ সামৰিক (শান্তিকাল) পৰম বীৰ চক্ৰ 21 গৰাকী বিষয়া-জোৱানে লাভ কৰিছে ৷ ইয়াৰ ভিতৰত 7টা চক্ৰই লাডাখত যুদ্ধ কৰা সৈনিক-বিষয়াসকলক প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ

ABOUT THE AUTHOR

...view details