নিউজ ডেস্ক, 23 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দুমাহ ধৰি দেশ ব্যাপি চলি আছে লক ডাউন । শিথিলতা থাকিলেও এতিয়াও নিষিদ্ধ হৈ আছে অধিক লোকৰ সমাগম । তেনে সময়েত মৃত গৰুৰ সৎকাৰৰ বাবে উত্তৰ প্ৰদেশৰ আলিগড়ত এক সমদল বাহিৰ কৰোৱা হৈছিল । এই সমদলত অংশ লৈছিল প্ৰায় সহস্ৰাধিক লোকে ।
লক ডাউন আৰু সামাজিক দূৰত্বৰ নিয়ম উলংঘা কৰি এই সমদলত অংশ লোৱা 150 শতাধিক লোকৰ বিৰুদ্ধ আৰক্ষী থানাত গোছৰ তৰা হৈছে । প্ৰশাসনে নিজাববীয়াকৈ তৰিছে এই গোচৰ ।