অসম

assam

ETV Bharat / bharat

অসম সম্পৰ্কত কৰা মন্তব্যৰ বাবে প্ৰাক্তন JNU ছাত্ৰৰ বিৰুদ্ধে গোচৰ - গোচৰ ৰুজু

গোচৰ ৰুজু হৈছে প্ৰাক্তন JNU ছাত্ৰ শ্বাৰজীল ইমামৰ বিৰুদ্ধে ৷ অসমৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছিল ইমামে ৷

শ্বাৰজীল ইমাম
প্ৰাক্তন JNU ছাত্ৰৰ বিৰুদ্ধে গোচৰ

By

Published : Jan 26, 2020, 10:06 AM IST

Updated : Jan 26, 2020, 5:19 PM IST

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : শনিবাৰে অসম আৰক্ষীয়ে প্ৰাক্তন JNU ৰ ছাত্ৰ শ্বাৰজীল ইমামৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ ৷ ইমামে মন্তব্য কৰিছিল যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিভক্ত কৰিবৰ বাবে মুছলমান সম্প্ৰদায়ৰ লোক বহু পৰিমাণে আছে ৷

গুৱাহাটীত আয়োজন কৰা এক সংবাদমেলত এই কথা প্ৰকাশ কৰি অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক জি. পি. সিঙে মন্তব্য কৰে, "ইমামৰ বক্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ শাখা আৰক্ষী থানাত ভাৰতীয় দণ্ডাবিধিৰ 153(ক), 153(খ) আৰু 124(গ) অনুচ্ছেদৰ লগতে UA (P) আইনৰ 13 (1) আৰু 18 অনুচ্ছেদৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷"

উল্লেখ্য যে, শ্বাহীন বাগ প্ৰতিবাদৰ মুখ্য সমন্বয়ক ইমামৰ বহুকেইটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ এই ভিডিঅ'ত ইমামে মন্তব্য কৰিছিল, "আমি যদি একেলগে ওলাই আহো, তেন্তে ভাৰতৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক বিভক্ত কৰিব পাৰিম ৷ এই কামটো স্থায়ীভাৱে কৰিব নোৱাৰিলেও 1-2 মাহৰ বাবে কৰিব পাৰো ৷ এওঁলোকক আঁতৰ কৰি পঠাবৰ বাবে প্ৰশাসনক কেৱল 1 মাহৰ প্ৰয়োজন হ'ব ৷"

লগতে তেওঁ কয়, "অসমক ভাৰতৰ পৰা বিভক্ত কৰি পেলোৱাতো আমাৰ দায়িত্ব ৷ এয়া হৈ উঠিলেহে আমাৰ কথা কেন্দ্ৰই শুনিব ৷"

ইয়াৰ প্ৰত্যুত্তৰ হিচাপে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যিক চৰকাৰ এই ৰাষ্ট্ৰদ্ৰোহী মন্তব্য সম্পৰ্কত জ্ঞাত আৰু সেয়েহে এটা গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

RTI কৰ্মী আৰু অধিৱক্তা বিবেক গাৰ্গে ইমামৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ ৷

আৰু পঢ়ক : সোণাৰিত গ্ৰেণেড বিস্ফোৰণ

Last Updated : Jan 26, 2020, 5:19 PM IST

ABOUT THE AUTHOR

...view details