অসম

assam

By

Published : Jun 5, 2020, 4:47 PM IST

ETV Bharat / bharat

কোনো বিভাগে ঘোষণা কৰিব নোৱোৰিব নতুন আঁচনিঃ নিৰ্মলা সীতাৰমণ

২০২০-২১ বিত্তীয় বৰ্ষত কোনো ধৰণৰ নতুন আঁচনিৰ বাবে অনুমোদন প্ৰদান নকৰে বিত্ত মন্ত্ৰণালয়ে। লগতে,পূৰ্বে স্বীকৃতি অথবা অনুমোদন লাভ কৰা আঁচনিসমূহৰ কাম ২০২১ বৰ্ষৰ ৩১ মাৰ্চলৈ বন্ধ ৰখা হৈছে বুলি বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰে।

নিৰ্মলা সীতাৰমণ
FinMin tells ministries not to announce any new schemes

নিউজ ডেস্ক, ৫ জুনঃবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে সকলো বিভাগকে কোনো নতুন আঁচনি ঘোষণা নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি,কোনো ধৰণৰ নতুন আঁচনি, উপ আঁচনি ঘোষণা কৰিব নোৱাৰে। তদুপৰি 'SFC'(State Financial Corporation)ৰ প্ৰস্তাৱসমূহৰ লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি, আত্ম নিৰ্ভৰ ভাৰত অভিযান আঁচনি তথা অন্য কোনো বিশেষ আঁচনিৰ অধিনত ঘোষণা কৰা প্ৰস্তাৱৰ বাহিৰে 'EFC'(Expenditure Finance Committee) মাধ্যমেৰে কোনো নতুন আঁচনিৰ পৰিকল্পনা নকৰিবলৈ নিৰ্দেশ দিয়ে।

কোনো বিভাগে ঘোষণা কৰিব নোৱোৰিব নতুন আঁচনিঃ নিৰ্মলা সীতাৰমণ

২০২০-২১ বিত্তীয় বৰ্ষত কোনো ধৰণৰ নতুন আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰা নহ'ব। লগতে,পূৰ্বে স্বীকৃতি অথবা অনুমোদন লাভ কৰা আঁচনিসমূহৰ কাম ২০২১ বৰ্ষৰ ৩১ মাৰ্চলৈ বন্ধ ৰখা হৈছে বুলি বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰে।

লগতে চাওকঃ গোৱালপাৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details