অসম

assam

ETV Bharat / bharat

ছুইছ বেংক একাউন্টৰ তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ বিত্ত মন্ত্ৰণালয়ৰ - ক'লা ধন সম্পৰ্কত তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ মন্ত্ৰণালয়ৰ

ভাৰতীয় লোকৰ ছুইছ বেংক একাউন্টৰ তথ্য প্ৰদানৰ অনুৰোধক নাকচ কৰিছে ভাৰতৰ বিত্ত মন্ত্ৰণালয়ে ৷ এই কাৰ্যক ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত স্বাক্ষৰিত কৰা কৰ চুক্তিৰ অধীনত 'গোপনীয় চৰ্ত' বুলি অভিহিত কৰিছে মন্ত্ৰণালয়ে ৷

একাউন্টৰ তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ বিত্ত মন্ত্ৰণালয়ৰ
ছুইছ বেংক

By

Published : Dec 24, 2019, 12:48 PM IST

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : ভাৰতীয় লোকৰ ছুইছ বেংক একাউন্টৰ তথ্য প্ৰদানৰ অনুৰোধক নাকচ কৰিছে ভাৰতীয় বিত্ত মন্ত্ৰণালয়ে ৷ এই কাৰ্যক ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত স্বাক্ষৰিত কৰা কৰ চুক্তিৰ অধীনত'গোপনীয় চৰ্ত'বুলি অভিহিত কৰিছে মন্ত্ৰণালয়ে ৷

RTIৰ প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰণালয়ে অন্য দেশৰ পৰা লাভ কৰা ক'লা ধনৰ সম্পৰ্কত তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ৷

উল্লেখ্য যে,এক নিউজ এজেন্সীৰ সাংবাদিকে দাখিল কৰা RTI আবেদনৰ পাচতে মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰে ৷ এই আবেদনৰ ভিত্তিত ছুইছ বেংকত যিসকল ভাৰতীয়ৰ একাউন্ট আছে সেইসকলৰ একাউন্টৰ তথ্য প্ৰদানৰ লগতে অন্য দেশৰ পৰা লাভ কৰা ক'লা ধন আৰু সেই ঘটনা সমূহৰ ওপৰত তথ্য প্ৰদান কৰিবলৈ দাবী জনোৱা হৈছিল ৷

তথ্য বিনিময়ৰ এক নতুন চুক্তিৰ পাচতে ভাৰতে ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ছুইছ বেংকত একাউন্ট থকা ভাৰতীয়ৰ তথ্য লাভ কৰিছিল ৷ ছুইজাৰলেণ্ডৰ Federal Tax Administration (FTA) য়ে বিত্তীয় একাউন্টৰ তথ্য প্ৰদানৰ কৰা 75 খন দেশৰ ভিতৰত ভাৰতো অন্যতম ৷

আৰু পঢ়ক : CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details