নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: প্ৰতিৰক্ষা ক্ষেত্ৰত স্বদেশীকৰণত গুৰুত্ব আৰোপ কৰি ভাৰতে আজি নাগ এণ্টি টেংক মিছাইলৰ অন্তিম পৰীক্ষণ সফলভাৱে সম্পন্ন কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতে আজি ৰাজস্থানৰ পোখৰাণত পুৱা ৬.৪৫ বজাত DRDOৰ দ্বাৰা বিকাশ কৰা নাগ এণ্টি টেংক গাইডেড মিছাইলৰ অন্তিম পৰীক্ষণ সম্পন্ন কৰে।
এই অস্ত্ৰ প্ৰণালী এতিয়া ভাৰতীয় সেনাৰ অস্ত্ৰ ভাণ্ডাৰত অন্তৰ্ভুক্ত হ'বলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। শত্ৰুৰ যুদ্ধ টেংক আৰু আন অস্ত্ৰ-শস্ত্ৰ নি:শেষ কৰিবলৈ ভাৰতীয় সেনাই এনে এক মিছাইলৰ অপেক্ষাত আছিল। নাগ মিছাইল কেৰিয়াৰৰ পৰা এই মিছাইলেৰে ৪-৭ কি:মি: পৰ্যন্ত লক্ষ্য স্থিৰ কৰিব পৰা যাব আৰু লক্ষ্য ভেদ কৰিবলৈ এটা এডভান্সড ছিকাৰৰ সৈতে সংযুক্ত কৰিব লাগিব।