অসম

assam

By

Published : Dec 14, 2019, 1:27 PM IST

ETV Bharat / bharat

প্লাষ্টিকৰ বটলেৰে কৰি এজাক শিশুৱে নিৰ্মাণ কৰিছে ৰবট

নিজা উদ্ভাৱনী আৰু উৎপাদনী কৌশলেৰে বিশ্বব্যাপি বিয়পি পৰা এটা চিন্তনীয় সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আগবাঢ়ি আহিছে এজাক শিশু ৷ প্লাষ্টিকৰ সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন প্ৰযুক্তিগত সামগ্ৰী ৷ প্লাষ্টিকমুক্ত সমাজ গঢ়াটো অৰিহণা আগবঢ়াইছে শিশু সকলে ৷

Children from unprivileged sections made robots from plastic waste
পেলনীয়ে প্লাষ্টিকেৰে নতুন সপোন দেখুৱাইছে এজাক শিশুৱে

ভুৱেনশ্বৰ, 14 ডিচেম্বৰঃ সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা প্লাষ্টিকক এইবাৰ প্ৰত্যাহ্বান জনাইছে ওড়িশ্যাৰ খান্দাগিৰি বস্তিৰ এজাক কণ কণ শিশুৱে ৷
এই শিশু সকলে নিজা উদ্ভাৱনী আৰু উৎপাদনী কৌশলেৰে বিশ্বব্যাপি বিয়পি পৰা এটা চিন্তনীয় সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আগবাঢ়ি আহিছে ৷
পূৰ্বে বস্তিটোৰ চাৰিওকাষে বিভিন্ন প্লাষ্টিকৰ সামগ্ৰীৰে ভৰি আছিল ৷ কিন্তু অবিশ্বাস্য যদিও এই কথা সত্য যে, এই শিশু সকলে চৌপাশৰ পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে ৰবটৰ লগতে অন্যান্য বহু উদ্ভাৱনী সামগ্ৰী ৷

পেলনীয়ে প্লাষ্টিকেৰে নতুন সপোন দেখুৱাইছে এজাক শিশুৱে
প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই ৰবট সমূহ হৈছে সৰু মানৱ সদৃশ ৷ একেদৰে চাফাই অভিযানত ব্যৱহাৰ হোৱা ভেকুৱাম ক্লিনাৰো নিৰ্মাণ কৰি উলিয়াইছে এই শিশু সকলে ৷ শিশু সকলৰ এই প্ৰচেষ্টাই প্লাষ্টিক মুক্ত জীৱন গঢ়া আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নতুন আশা কঢ়িয়াই আনিছে ৷ উল্লেখযোগ্য যে, খান্দাগিৰি বস্তিৰ এই শিশু সকল কোনো অভিযান্ত্ৰিক অথবা কাৰিকৰী শিক্ষাৰে শিক্ষিত নহয় ৷ বৰঞ্চ তেওঁলোক অতি পিছপৰা বিভিন্ন সম্প্ৰদায়ৰ পৰা আহিছে যি নতুন প্ৰযুক্তিৰ লগত চিনাকীও নহয় ৷ কিন্তু নিজ হাতেৰে প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি যিকোনো সামগ্ৰী তৈয়াৰ কৰাটো তেওঁলোকৰ হৈছে ৰুচি ৷ তেওঁলোকে যথেষ্ট সময়ে ব্যস্ত থাকে ৰবট , বিজুলীবাতি অথবা ভেকুৱাম ক্লিনাৰ নিৰ্মাণ কৰাত ৷ তাৰে কিছু সংখ্যক শিশুৱে স্বয়ংক্ৰিয়ভাৱে খোল খোৱা দৰ্জা নিৰ্মাণ কৰাৰ বাবেও প্ৰকল্প হাতত লৈছে ৷ শিশু সকলৰ এই পদক্ষেপে চৌপাশক প্লাষ্টিক মুক্ত কৰাতো সহায় কৰিছে ৷ বস্তিত বসবাস কৰা এই চমৎকাৰী শিশু সকলক উপযুক্ত প্ৰযুক্তিগত প্ৰশিক্ষণ দিব পাৰিলে আৰু অধিক উদ্ভাৱন কৰিব পাৰিব বুলি আশা কৰিব পাৰি , কিন্তু গুৰুত্বপূৰ্ণ যে, এই ক্ষেত্ৰত তেওঁলোকৰ অভাৱ বিত্তীয় সাহাৰ্যৰ ৷ অৱশ্যে শেষতীয়াভাৱে ভুৱেনেশ্বৰ উন্মুক্ত ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাৰ পৰা তেওঁলোকলৈ আগবঢ়োৱা হৈছে বিশেষ সহায় ৷ সংগঠনটোৱে তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে ব্যৱস্থা কৰিছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ ৷

ABOUT THE AUTHOR

...view details