অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ প্ৰকাশ ঝাৰ - যোগী আদিত্যনাথ

নয়ডাত এটা নতুন ফিল্ম চিটি নিৰ্মাণৰ বিষয়ে ৰাজ্য চৰকাৰৰ পৰিকল্পনা সম্বন্ধে আলোচনা কৰাৰ উদ্দেশ্যে দেওবাৰে ছবি প্ৰযোজক তথা নিৰ্দেশক প্ৰকাশ ঝাই লক্ষ্নৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ প্ৰকাশ ঝাৰ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ প্ৰকাশ ঝাৰ

By

Published : Dec 6, 2020, 8:35 PM IST

নেশ্যেনেল ডেস্ক, 6 ডিচেম্বৰ: ছবি প্ৰযোজক তথা নিৰ্দেশক প্ৰকাশ ঝাই দেওবাৰে লক্ষ্নৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে ৷ নয়ডাত এখন নতুন ফিল্ম চিটি নিৰ্মাণৰ বিষয়ে ৰাজ্য চৰকাৰৰ পৰিকল্পনা সম্বন্ধে আলোচনা কৰা হয় এই সাক্ষাতত ৷

"ইয়াত মনোৰঞ্জন উদ্যোগৰ বাবে পৰিৱেশ গঢ়িবলৈ কৰা প্ৰচেষ্টা সঁচাকৈয়ে উৎসাহমূলক ৷ মই ইয়াক সমৰ্থন জনাইছো ৷ ইয়াত মই প্ৰচুৰ সম্ভাৱনাৰ থল দেখিবলৈ পাইছো" বুলি উল্লেখ কৰে প্ৰকাশ ঝাই ৷

ইয়াৰ পূৰ্বে এই সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰে ছবি নিৰ্মাতা, পৰিচালক, অভিনেতা আৰু ছবি উদ্যোগৰ লগত জড়িত অন্যান্য লোকসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰস্তাৱিত ফিল্ম চিটি স্থাপনৰ সন্দৰ্ভত আলোচনা কৰে ৷

উত্তৰ প্ৰদেশ চৰকাৰে জানিবলৈ দিয়ে যে, ফিল্ম চিটি নিৰ্মাণৰ বাবে যমুনা এক্সপ্ৰেছ ৱে' ঔদ্যোগিক প্ৰাধিকৰণৰ দ্বাৰা গৌতমবুদ্ধ নগৰ জিলাৰ কাষত 1000 একৰ ভূমি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক:কংগনাৰে টুইটাৰ যুদ্ধঃদিলজীতৰ টুইটাৰ অনুৰাগী 5 মিলিয়নলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details