অসম

assam

By

Published : Dec 31, 2019, 5:36 PM IST

ETV Bharat / bharat

CAA সম্পৰ্কত জাহ্নু বৰুৱাৰ ভাইৰেল ভিডিঅ'

নাগৰিকত্ব সংশোধনী আইন (CAA) সম্পৰ্কত জাহ্নু বৰুৱাই মন্তব্য আগবঢ়াইছে ৷ এই ভিডিঅ'ৰ দ্বাৰা ছবি নিৰ্মাতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত থকা বিভ্ৰান্তিসমূহ আঁতৰোৱাৰ চেষ্টা কৰে ৷

ছবি নিৰ্মাতা
জাহ্নু বৰুৱা

নিউজ ডেস্ক, 31 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন (CAA) সম্পৰ্কত ছবি নিৰ্মাতা জাহ্নু বৰুৱাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ এই ভিডিঅ'ৰ দ্বাৰা ছবি নিৰ্মাতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত থকা বিভ্ৰান্তিসমূহ আঁতৰোৱাৰ চেষ্টা কৰে ৷

ভিডিঅ'টোত তেওঁ কয়,"নাগৰিকত্ব সংশোধনী আইন" সম্পৰ্কত অসমত যি প্ৰতিবাদ হৈছে সেই সম্পৰ্কত উত্তৰ-পূৱ ভাৰতৰ বাহিৰৰ লোকসকলৰ বিভ্ৰান্তি আঁতৰা নাই ৷ অসমবাসীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেহে এই প্ৰতিবাদত অৱতীৰ্ণ হৈছে ৷ অসমীয়া লোকে ধৰ্মৰ ওপৰত ভিত্তি কৰি কোনো প্ৰতিবাদ কৰা নাই ৷"

জাহ্নু বৰুৱা

"অন্য লোকৰ দৰে অসমবাসীয়েও নিজৰ জাতি,ভাষাক ভাল পায় ৷ শতিকাজুৰি একেলগে বাস কৰি অহা খিলঞ্জীয়া লোকসকলৰ দ্বাৰা অসমীয়া সমাজ গঠিত হৈছে ৷ এই লোকসকল ধৰ্মকেন্দ্ৰিক নহয়,ভাষা আৰু সংস্কৃতি কেন্দ্ৰিকহে ৷ মংগোলীয়,বিভিন্ন ধৰ্ম,জাতি-জনজাতিৰ সমাহাৰেৰে অসমীয়া সমাজ গঠিত হৈছে ৷ এই বিভিন্নতাই অসমীয়া সমাজৰ বৈশিষ্ট্য ৷ কিন্তু এই আইনখনৰ ফলত আমাৰ সমাজখন অস্তিত্বৰ সংকটত ভুগিছে ৷"

জাহ্নু বৰুৱা

লগতে 6 বছৰীয়া অসম আন্দোলনৰ ফলত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ বিষয়েও জাহ্নু বৰুৱাই মন্তব্য আগবঢ়ায় ৷ তেওঁ কয়,"এই চুক্তিৰ মূল বিষয়বস্তু আছিল যে অসমে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অসমত প্ৰৱেশ কৰাসকলকহে অসমত স্থান প্ৰদান কৰিব আৰু ইয়াৰ পাছত প্ৰৱেশ কৰাসকলক অসমৰ পৰা বহিস্কাৰ কৰা হ'ব ৷ কিন্তু, চলিত বৰ্ষৰ 11 ডিচেম্বৰত সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনে অসমক আৰু 40 বছৰৰ অৰ্থাৎ 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত বিদেশীৰ বোজা বহন কৰিবলৈ বাধ্য কৰিছে ৷ অসমীয়া লোকে এয়া কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে কাৰণ ইয়াৰ ফলত আমাৰ ভাষা,সংস্কৃতিলৈ প্ৰত্যাহ্বান আহিব ৷ সেয়েহে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো ৷"

জাহ্নু বৰুৱা

ইয়াৰোপৰি,এই আইনে কেনেদৰে অসমলৈ ভাবুকি কঢ়িয়াই আনিব সেই সম্পৰ্কত কিছু তথ্য প্ৰকাশ কৰে জাহ্নু বৰুৱাই ৷ লগতে এই প্ৰতিবাদ বেংগলী বিৰোধী নহয় বুলিও স্পষ্ট কৰি দিয়ে ছবি নিৰ্মাতাগৰাকীয়ে ৷

জাহ্নু বৰুৱা

আৰু পঢ়ক : ২০১৯ বৰ্ষটোৰ এটা উল্লেখযোগ্য ঘটনা এন আৰ চি

ABOUT THE AUTHOR

...view details