নিউজ ডেস্ক, 5 ফেব্ৰুৱাৰী : বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পাচতো হায়দৰাবাদৰ এজন যুৱকে কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ বলত প্লাষ্টিকমুক্ত ইউ পি আই ভিত্তিক এক ক্ৰেডিট কাৰ্ড প্ৰৱৰ্তন কৰাত সফল হয় ৷ ইয়াৰ মূল লক্ষ্য হ'ল প্ৰথমে হায়দৰাবাদ আৰু তাৰ পাচত সমগ্ৰ ভাৰতবৰ্ষজুৰি প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰা বাবে এখোজ আগুৱাই যোৱা ৷
বিশাল ৰঞ্জন, এজন এম বি এৰ স্নাতক ৷ তেওঁ বেংক অথবা সাধাৰণ মানুহৰ পৰা কোনো ধৰণৰ সঁহাৰি অথবা অনুপ্ৰেৰণা লাভ কৰা নাছিল ৷ তৎস্বত্বেও তেওঁ এই ভি-কাৰ্ডখন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল ৷ ভি-কাৰ্ডে স্মাৰ্ট ফোনৰ জৰিয়তে কাম কৰে আৰু ইয়াৰ কাৰ্য প্ৰক্ৰিয়া আন ক্ৰেডিট কাৰ্ডৰ সৈতে সম্পূৰ্ণ একে ৷ মাত্ৰ পাৰ্থক্য এটাই, ইয়াত প্লাষ্টিকেৰে তৈয়াৰী কাৰ্ড ব্যৱহাৰ নহয় ৷ ইয়াৰ নিৰ্দিষ্ট সীমা 2 লাখ আৰু ই কাম কৰে ভি-কাৰ্ড ম'বাইল এপ্লিকেশ্বনৰ দ্বাৰা প্ৰয়োজনীয় ধনৰাশি উলিওৱাৰ পাচত পুনঃ ব্যৱহাৰৰ বাবে এপ্লিকেশ্বনৰ একাউন্টত জমা কৰিব লাগে ৷ আন সাধাৰণ কাৰ্ডৰ দৰেই 30 দিনৰ ভিতৰত ধনৰাশি একাউণ্টত জমা কৰিব লাগে ৷ আনকি, ভি-কাৰ্ডত ইনষ্টলমেণ্ট আৰু ই এম আইৰ সুবিধাও আছে ৷