নিউৈজ ডেক্স , 14 ডিচেম্বৰঃ মানৱজীৱনৰ বাবে দৈনন্দিন জীৱনত মানুহে ব্যৱহাৰ কৰি অহা প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে মানুহক বুজাবলৈ যুঁজত নামিছে ওড়িশা এজন যুৱক ৷ ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী এই যুৱকজনে এটা সুৰক্ষিত জীৱনৰ বাবে এটা বিলাসী চাকৰিৰ পাছত দৌৰাৰ পৰিবৰ্তে বিচাৰি লৈছে এক ব্যতিক্ৰমী জীৱন ৷ দৈনন্দিন জীৱনৰ বিলাসিতাৰ বাবে প্ৰাকৃতিক সম্পদক শেষ কৰিবলৈ ধৰা মানুহক যুৱকজনে সোঁৱৰাই দিব বিচাৰিছে প্ৰাকৃতিক সম্পদৰ ওপৰলৈ নামি অহা ভয়াৱহতাৰ কথা ৷
দুই বছৰ ধৰি অভিমন্যু মিশ্ৰ নামৰ যুৱকজনে মানুহক বুজাবলৈ চেষ্টা কৰি আহিছে অত্যাধিক প্লাষ্টিক ব্যৱহাৰৰ পৰা সৃষ্টি হ'ব পৰা ভয়ংকৰ পৰিস্থিতিৰ কথা ৷ মানুহক সজাগ কৰিবৰ বাবে নিজৰ গাত বটল আঁৰি চাফাই কৰ্মীৰ দৰে পথৰ কাষৰ প্লাষ্টিক সংৰক্ষণ কৰি চলাই গৈছে সজাগতা অভিযান ৷ মানুহৰ বাবে হাঁহিয়াতৰ পাত্ৰ হোৱাৰ পাছতো , হাজাৰ সমালোচনা এৰি যুৱকজন আগবাঢ়ি গৈছে নিজৰ উদ্দেশ্যত ৷