দিল্লী, 4 জুলাইঃ ৰাহুল গান্ধীৰ পদত্যাগৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ ভগ্নী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ ৷ টুইটাৰযোগে ৰাহুলক সমৰ্থন প্ৰিয়ংকাৰ ৷
"কম সংখ্যক লোকৰহে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সাহস থাকে ৷ ৰাহুলৰ সিদ্ধান্তক সন্মান কৰোঁ " বুলি বৃহস্পতিবাৰে টুইটাৰযোগে প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷
উল্লেখ্য যে, বুধবাৰে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ৰাহুল গান্ধীয়ে ৷ 2019 লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰে ৰাহুল গান্ধীয়ে ৷ ৰাহুলৰ পদত্যাগক লৈ কংগ্ৰেছ কৰ্মীয়ে বহু বিতৰ্ক আৰু প্ৰতিবাদ কৰাৰ পিচতো কিন্তু নিজৰ স্থিতিত অটল থাকিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৷ ৰাহুলৰ এই পদত্যাগৰ পিচতে কংগ্ৰেছৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷