নতুন দিল্লী, 23 জুনঃ পূৱ দিল্লীৰ অশোক নগৰত শনিবাৰে নিশা এগৰাকী মহিলা সাংবাদিকক গুলীচালনা কৰে দুজন অচিনাক্ত দুৰ্বৃত্তই ৷ বৰ্তমান গুৰুতৰ অৱস্থাত চিকিৎসাধীন সাংবাদিকগৰাকী ৷
দিল্লীত মহিলা সাংবাদিকক আক্ৰমণ - journalist
দেশৰ ৰাজধানীত মহিলা সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ
দিল্লীত মহিলা সাংবাদিকক আক্ৰমণ
তথ্য অনুসৰি, নিশা মুখত কলা কাপোৰ বান্ধি অহা দুজন দুৰ্বৃত্তই প্ৰথমে মিতালী চাণ্ডোলা নামৰ মহিলা সাংবাদিকগৰাকীৰ বাহনত কণী দলিয়াই দিয়ে ৷ পিছত বাহনখন চলি থকা অৱস্থাতে কেইবাটাও গুলী নিক্ষেপ কৰে দুৰ্বৃত্তই ৷ মিতালী চাণ্ডোলাৰ বাহুত গুলীৰে আঘাত হোৱাৰ বাবে নিশা 12.30 মিনিটত ধৰ্মশালা নাৰায়ণা চুপাৰস্পেটিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
আনহাতে, এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷