বিহাৰ, ১২ জুন :ৰাষ্ট্ৰীয় জনতা দলৰ প্রধান লালু প্রসাদ যাদৱে শুকুৰবাৰে প্রব্ৰজনকাৰী শ্রমিকসকলৰ দুৰ্দশা বাবে মুখ্যমন্ত্ৰী নিতীশ কুমাৰক অভিযুক্ত কৰে । তেওঁ ক্ষমতাৰ আসনত থকাসকলে দুর্দশাগ্রস্ত লোকৰ সম্পৰ্কে উদ্বিগ্ন নহয় বুলি নিতীশ কুমাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিষয়ে তীৰ্যক মন্তব্য আগবঢ়ায় ।
শ্রমিকৰ দুৰ্দশাৰ বাবে নিতীশ কুমাৰক অভিযুক্ত লালুৰ - লালু প্রসাদ যাদৱ
টুইটাৰত জনতাক সম্বোধন কৰি এখন সংবেদনশীল পত্ৰও প্ৰকাশ কৰে ৰাষ্ট্ৰীয় জনতা দলৰ প্রধানগৰাকীয়ে ।
Feel sorry for those in power who can't help Bihar: Lalu
ৰাষ্ট্ৰীয় জনতা দলৰ প্রধানগৰাকীয়ে টুইটাৰত জনতাক সম্বোধন কৰি এখন সংবেদনশীল পত্ৰও প্ৰকাশ কৰে । পত্ৰখনত তেওঁ ৭৩ সংখ্যক জন্মদিনত শুভেচ্ছা জনোৱা সকলোকে কৃতজ্ঞতা জনায় । উল্লেখ্য যে,খাদ্য কেলেংকাৰীৰ লগতে কেইবাটাও গোচৰত বৰ্তমান কাৰাবাস খাটি আছে ৰাষ্ট্ৰীয় জনতা দলৰ প্রধান লালু প্রসাদ যাদৱে ।