নেশ্যনেল ডেস্ক,2 ফেব্ৰুৱাৰী :হায়দৰাবাদৰ পংকজ নামৰ এজন স্থানীয় যুৱকে মুকলি কৰে হায়দৰাবাদৰৰ প্ৰথমখন প্লাষ্টিক মুক্ত দোকান ৷ তিনিমাহ পূৰ্বে আৰম্ভ কৰা এই দোকানখন হায়দৰাবাদ চহৰৰ ছিকণ্ডৰাবাদত অৱস্থিত ৷ দোকানখনৰ পৰিচালক পংকজ বৃত্তিগতভাৱে এজন হিচাপ ৰক্ষক ৷ চেন্নাই ,ছিমলা আৰু বাংগালুৰু দেখি অহা প্লাষ্টিক মুক্ত দোকান সমূহৰ আৰ্হিত পংকজে হায়দৰাবাদ চহৰত মুকলি কৰে প্ৰথমখন প্লাষ্টিক মুক্ত দোকান ৷ চহৰৰ সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি বিবেচিত এনে প্লাষ্টিক মুক্ত দোকান ৷ এই দোকানখনৰ জৰিয়তে প্লাষ্টিক মুক্ত সামগ্ৰী ব্যৱহাৰ কৰা বা প্লাষ্টিক পেকেজিং সামগ্ৰীৰ ব্যৱহাৰ ৰোধ কৰাত প্ৰচাৰ কৰাৰ উপৰিও জৈৱিক সামগ্ৰী ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰে পংকজে ৷
হায়দৰাবাদৰ প্ৰথমখন প্লাষ্টিক মুক্ত দোকান
চেন্নাই ,ছিমলা আৰু বাংগালুৰু দেখি অহা প্লাষ্টিক মুক্ত দোকান সমূহৰ আৰ্হিত পংকজে নামৰ এজন স্থানীয় যুৱকে হায়দৰাবাদ চহৰত মুকলি কৰে প্ৰথমখন প্লাষ্টিক মুক্ত দোকান ৷ এই দোকানখনৰ জৰিয়তে প্লাষ্টিক পেকেজিং সামগ্ৰীৰ ব্যৱহাৰ ৰোধ কৰা, প্লাষ্টিক মুক্ত সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে জৈৱিক সামগ্ৰী ব্যৱহাৰত গুৰুত্বতা প্ৰদান কৰে পংকজে ৷
প্লাষ্টিক মুক্ত এই দোকানখনত চাউল, ঘেঁহু আদিকে ধৰি সকলো পণ্যজাতীয় সামগ্ৰীৰ লগতে ঘৰুৱা আচাৰ, চিপছ, চকলেট, বিস্কুট আদি সকলো সামগ্ৰী গ্লাছৰ কণ্টেইনাৰ বা ধাতুৰ পাত্ৰ বা বাকচ আদিত ৰাখে ৷ এই ব্যতিক্ৰমী দোকানখনে গ্ৰাহকক প্লাষ্টিক ব্যৱহাৰ নকৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে ই সমাজলৈ প্লাষ্টিক ব্যৱহাৰ ৰোধ কৰাৰ বাৰ্তা প্ৰেৰণ কৰে ৷ দোকানত কফি, জৈৱক প্ৰক্ৰিয়াৰে তৈয়াৰী চাবোনৰ, চেম্পু আদিও কাগছৰ থোলাত ৰখা হয়৷ দোকানত উপলব্ধ হোৱা বেছিভাগ সামগ্ৰী ঘৰুৱাভাৱে মহিলাৰ দ্বাৰা তৈয়াৰী লগতে গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী নিবৰ বাবে মহিলাসকলে ঘৰত তৈয়াৰ কৰা এক বিশেষ কাপোৰৰ বেগ দোকানখনত উপলব্ধ ৷ দোকানখনত ভৰি থোৱাৰ লগে লগে দেৱালত লিখিত এটা শ্ল'গান দেখা পোৱা যায়, য'ত লিখা আছে, Say No To Plastic" ৷ ইয়াৰ উপৰিও প্ৰকৃতি বিষয়ক বহুতো শ্ল'গান দোকানখনৰ দেৱালত বা প'ষ্টাৰ হিচাপে লিখি ওলমাই ৰাখিছে ৷ লগতে দোকানখনৰ সাজসজ্জাই সহজে আপোনাক মুগ্ধ কৰি পেলোৱাৰ লগতে প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিব ৷
দোকানখনৰ পৰিচালক পংকজে কয় যে, "দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰৰ কম কৰাৰ বাবে এয়া অতি সূক্ষ্ম অৱদান৷ সামগ্ৰীত প্লাষ্টিকৰ পেকেটিং ৰোধ কৰাৰ কৰাৰ লগতে গ্ৰাহকক প্লাষ্টিক মুক্ত সামগ্ৰী ব্যৱহাৰৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত হায়দৰাবাদ চহৰত এয়াই প্ৰথম পদক্ষেপ ৷" দোকানখনৰ দ্বাৰা প্লাষ্টিক পেকেজিং সামগ্ৰী ব্যৱহাৰ ৰোধ কৰাক প্ৰচাৰৰ উপৰি জৈৱিক সামগ্ৰী ব্যৱহাৰতো গুৰত্ব প্ৰদান কৰা হৈছে ৷
দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰি আমি এক স্বচ্চ,স্বাস্থ্যৱান জীৱনৰ অধিকাৰী হ'ব পাৰিম বুলি কয় কৰে পংকজে ৷ লগতে পংকজে বিশ্বাস কৰে যে গ্ৰাহক সকলে প্লাষ্টিক মুক্ত সামগ্ৰী ক্ৰয় কৰি তেওঁলোকে প্ৰকৃতিৰ প্ৰতি সৰু অৱদান আগবঢ়াৱ পাৰে ৷ দোকানখনত সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা গ্ৰাহক সকলক ঘৰৰ পৰা বেগ,মোনা আদি নিবলৈ অনুগ্ৰহ কৰা হয় ৷ অৱশ্যে গ্ৰাহকৰ সুবিধাৰ্থে দোকানখনত মহিলাসকলে ঘৰত তৈয়াৰ কৰা এক বিশেষ কাপোৰৰ বেগ ৰখা হয় ৷ উল্লেখ্য যে, গণেশ নামৰ ছফটৱেৰ ইঞ্জিয়াৰ এজন তদাৰকত নিৰ্মিত হয় উক্ত কাপোৰৰ বেগ সমূহ আৰু তেখেতে প্লাষ্টিক মুক্ত সমাজ গঢ় দিয়াৰ বাবে এই বেগ সমূহ বিনামূল্যে দান কৰে ৷