অসম

assam

ETV Bharat / bharat

পিতৃ দিৱসঃ একক পৰিয়ালত পিতৃৰ দায়বদ্ধতা আৰু পিতৃলৈ কৃতজ্ঞতা স্বীকাৰ

পিতৃ দিৱস পিতৃ সকলৰ সন্মানৰ বাবে উদযাপিত কৰা কৰা হয়। পিতৃ সকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় । বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয় কিন্তু ভাৰতকে আদি কৰি পৃথিৱীৰ প্ৰায়বোৰ দেশে পিতৃ দিৱস জুন মাহৰ তৃতীয় দেওবাৰত পালন কৰা হয় ।

fathers-day-life-as-a-single-father-and-its-challenges
fathers-day-life-as-a-single-father-and-its-challenges

By

Published : Jun 21, 2020, 6:16 PM IST

নিউজ ডেস্ক, ২১ জুন : পিতৃ দিৱস পিতৃ সকলৰ সন্মানৰ বাবে উদযাপিত কৰা কৰা হয়। পিতৃ সকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় । বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয় কিন্তু ভাৰতকে আদি কৰি পৃথিৱীৰ প্ৰায়বোৰ দেশে পিতৃ দিৱস জুন মাহৰ তৃতীয় দেওবাৰত পালন কৰা হয় ।

এটা পৰিয়ালত পিতৃ-মাতৃৰ সহযোগ সমানেই যদিও বৰ্তমান বিশ্বত অধিক পৰিয়াল একক অভিভাৱক হিচাপে চলি আছে । ব্যক্তিগত বিভিন্ন কাৰণত তেওঁলোকে একক ভাৱেই সকলো দায়িত্ব পালন কৰি আহিছে । এক সমীক্ষা অনুসৰি, ২০১১ চনত আমেৰিকাত ২.৬ মিলিয়ন একক পৰিয়াল আছিল যিটো হাৰ ১৯৬০ গণনাৰ পিছত ন গুন বৃদ্ধি পাইছে । একেদৰে কানাডাত ৩৩০০০০ টা পৰিয়ালত অকল পিতৃৰ তত্বাবধানত চলি আছে । বিট্ৰেইনত প্ৰায় ৩ মিলিয়ন একক পৰিয়াল আছে ।

একক অভিভাৱক পৰিয়ালত এগৰাকী শিশু জন্ম হোৱাৰ পিছতে এজন পিতৃৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য বহুগুনে বৃদ্ধি পায় ।

এজন পিতৃৰ প্ৰধান দায়িত্ব সমূহঃ 

সহযোগঃ এটি শিশু জন্ম হোৱাৰ পিছতে এজন পিতৃৰ সহযোগিতা দুগুনে বৃদ্ধি পায় । সন্তানটিক ভাল মানুহ কৰাৰ স্বাৰ্থত পিতৃয়ে সদায় অহৰহ চেষ্টা কৰে । কঠিন পৰিস্থিতিতো নিজ সন্তানক বিপদত পৰিব নিদিয়াটো এজন পিতৃৰ মহানুভৱতা আৰু দায়িত্বক সূচাই ।

নিৰাপত্তাঃ হাজাৰ বিপদ হলেও নিজ সন্তানক বিপদত পৰিব নিদিয়াটো পিতৃৰ আন এটা প্ৰধান দায়িত্ব । নিজে নাখাই বা নিপিন্ধিও সন্তানৰ অভাৱ পূৰণ কৰিবলৈ প্ৰতিজন পিতৃয়ে সদায় চেষ্টা কৰে ।

অনুশাসনঃ পিতৃয়ে নিজৰ সন্তানক সদায় সু-শাসনৰ মাজত ৰাখিব বিচাৰে । পঢ়া শুনাৰ পৰা আদি কৰি সকলো নীতি শিক্ষা নিজৰ সন্তানটিক দিব বিচাৰে ।

অৰ্থৰ যোগানঃ পিতৃয়ে নিজৰ সন্তানক কেতিয়াও বিপদৰ সন্মুখীন হব'লৈ নিদিয়ে । সন্তানৰ হাজাৰটা অভাৱ পিতৃয়ে সদাই পূৰণ কৰিবলৈ চেষ্টা কৰে । প্ৰতিজন পিতৃয়ে সন্তানক সকলোতকৈ ভাল বস্তু খুৱাবলৈ বিচাৰে । এয়াই এজন পিতৃৰ মহানুভৱতা ।

গতিকে নিজে দুখ সহ্য কৰিও সন্তানক পৃথিবীৰ সকলো সুখ আনন্দ দিব বিচৰা জনেই পিতৃ । পিতৃৰ ঋণ কেতিয়াও আমি পূৰণ কৰিব নোৱাৰিম ।

আমাৰ বাবে সকলো দুখ কষ্টক মুৰ পাতি লোৱা পিতৃজনৰ বাবে আমি এই বিশেষ দিনটোত তেখেতক সুখী কৰিবলৈ চেষ্টা চলাব লাগে । পিতৃয়ে ভাল পোৱা বস্তু তেওঁক উপহাৰ হিচাপে প্ৰদান কৰি এই বিশেষ দিনটোত তেখেতক শুভেচ্চা জনাব পাৰি । এই বিশেষ দিনটোত তেখেতৰ লগত বাহিৰত এসাজ ভালকৈ খোৱাটোৱে হয়তো পিতৃজনক সুখী কৰি তুলিব পাৰে । 

আনহাতে, আপোনাৰ পিতৃজন প্ৰযুক্তি বিদ্যাৰ প্ৰতি জ্ঞাত হওক বা নহওক এই বিশেষ দিনটোত তেখেতক আধুনিক প্ৰযুক্তিৰ এটা মোবাইল বা লেপ'টপ উপহাৰে তেওঁক সীমাহীন আনন্দ দিব পাৰে । নাইবা আপুনি পিতৃ গৰাকীক এটা ভাল ঘড়ী বা সুন্দৰ ফটোৰ এটা এলবাম, স্বাস্থগত বিভিন্ন উপহাৰ প্ৰদান কৰিব পাৰে । যদিহে আপোনাৰ পিতৃয়ে পঢ়ি ভাল পায় তেতিয়াহলে তেওঁ ভাল পোৱা বিভিন্ন কিতাপ তেওঁক উপহাৰ হিচাপে প্ৰদান কৰিব পাৰে ।

ABOUT THE AUTHOR

...view details