নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ :কৃষক বিদ্ৰোহৰ আজি 22 টাকৈ দিন সম্পূৰ্ণ হ'ল ৷ অতিপাত ঠাণ্ডাৰ মাজতো দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে ৷ এই সম্পৰ্কত ঘাজিপুৰ সীমান্ত অঞ্চলৰ পৰা অশোক কুমাৰে কয়, " আমাৰ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আমি ঠাণ্ডাৰ সৈতেও যুঁজি থাকিম ৷ বৰষুণ দিলেও আমি ইয়াৰ পৰা আঁতৰ নহওঁ ৷"
আন এজন প্ৰতিবাদকাৰীয়ে কয়, "এই ঠাণ্ডা বতৰৰ মাজতো আমি জুই ধৰিছো আৰু কম্বল ব্যৱহাৰ কৰিছো ৷ ইয়াত সকলো ধৰণৰ সুবিধা লাভ কৰিছো ৷ আমি চানা, পোলাও, চাহ, পুৰি আৰু আলু লাভ কৰিছো ৷ কিন্তু গা ধুৱা ঘৰ অপৰিস্কাৰ হোৱা বাবে অসুবিধা পাইছো ৷"