নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: আজি ২৪ দিনৰ দিনাও অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰে সংশোধিত আৰু প্ৰণিত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষক ইউনিয়নে সাব্যস্ত কৰা প্ৰতিবাদ । কৃষকক লাভান্বিত কৰাৰ উদ্দেশ্যে কৃষি আইন প্ৰণয়ন কৰা বুলি দাবী কৰি অহা কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কৃষকৰ দাবী মানি লোৱা নাই । আনহাতে, এই তিনিখন আইনৰ জৰিয়তে কৃষকক ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিয়া বুলি অভিযোগ তুলি অহা কৃষকসকলেও সিদ্ধান্ত সলনি কৰিবলৈ মান্তি হোৱা নাই ।
এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কৃষক ইউনিয়নৰ প্ৰতিনিধিৰে ৫ বাৰ বৈঠকত মিলিত হৈছে । বৈঠকত কৃষক প্ৰতিনিধিয়ে কৃষি আইন বাতিলৰ দাবী কৰে আৰু চৰকাৰৰ মন্ত্ৰীয়ে কৃষি আইনৰ কেইটামান অংশ সংশোধনৰহে প্ৰস্তাৱ আগবঢ়ায় । সেয়ে, এতিয়াও কৃষকৰ সমস্যা সমাধান হোৱা নাই । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰাৰ পিছতে আজি এই সমস্যা সমাধানৰ এক আশা দেখা পোৱা গৈছে । সৰ্বোচ্চ ন্যায়ালয়ে কৃষি আইনক লৈ উদ্ভৱ হোৱা সমস্যা বুজাবুজিৰে সমাধান কৰাৰ বাবে এখন কমিটী গঠনৰ পৰামৰ্শ দিছে ।