নিউজ ডেস্ক, ২০ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনি কৃষি আইনৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ । এই কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লীৰ সীমাত ৫৬ দিন ধৰি কৃষকসকলৰ প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ বিৰুদ্ধে ২৬ জানুৱাৰীত প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে প্ৰতিবাদী কৃষকসকলে। গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত টেক্টৰ লৈ কিষাণ পেৰেড কৰি প্ৰতিবাদ সাব্য়স্ত কৰিবলৈ মংগলবাৰে ৫০০ কৃষকৰ এটা দল ওড়িশাৰ পৰা বিহাৰ হৈ উত্তৰ প্ৰদেশৰ চান্দৌলী জিলাৰ নৌবতপুৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় ।
এইসকল কৃষকৰ সমৰ্থন জনোৱা বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে দিৰ বিধায়ক সুধাংকৰ সিং,সংগীতা কুমাৰ আৰু তেওঁৰ একাংশ সমৰ্থক দিল্লী অভিমুখে ৰাওনা হোৱাত উত্তৰ প্ৰদেশ বিহাৰ সীমান্তত আৰক্ষীৰে হতাহতি হয় । পৰিস্থিতি অধিক বিষম হৈ পৰাত ১৪৪ ধাৰা আইন জাৰি কৰে আৰক্ষীয়ে । প্ৰতিবাদস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰেমচন্দৰ লগতে কেবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াক মোটায়েন কৰা হয় ।