অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ উদয়পুৰত কৃষকে লাভ কৰিলে 3.71 কোটিৰ বিদ্যুৎ বিল - উদয়পুৰৰ গিংলা গাঁৱৰ পেমাৰাম মনাৰাম দাংগি

বিদ্যুৎ বিভাগৰ কম্পিউটাৰৰ চাৰ্ভাৰত বিসংগতিৰ পৰিণাম ভোগ কৰিলে ৰাজস্থানৰ উদয়পুৰৰ এজন কৃষকে ৷ কৃষকজনে লাভ কৰিলে 3.71 কোটি টকাৰ বিদ্যুৎ বিল ৷ অৱশ্যে পাছত বিলৰ শুধৰণি ঘটাই 6,400 টকাৰ সঠিক বিল প্ৰদান কৰা হয় ৷

পেমাৰাম মনাৰাম দাংগি
ৰাজস্থানৰ উদয়পুৰত কৃষকে লাভ কৰিলে 3.71 কোটিৰ বিদ্যুৎ বিল

By

Published : Sep 10, 2020, 1:08 AM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ :বিদ্যুৎ বিভাগৰ কম্পিউটাৰৰ চাৰ্ভাৰত বিসংগতিৰ পৰিণাম ভোগ কৰিলে ৰাজস্থানৰ উদয়পুৰৰ এজন কৃষকে ৷ কৃষকজনে লাভ কৰিলে 3.71 কোটি টকাৰ বিদ্যুৎ বিল ৷ অৱশ্যে পাছত বিলৰ শুধৰণি ঘটাই 6,400 টকাৰ সঠিক বিল প্ৰদান কৰা হয় ৷

উদয়পুৰৰ গিংলা গাঁৱৰ পেমাৰাম মনাৰাম দাংগিয়ে কয়, "মোৰ দোকানৰ বাবে মই 3,71,61,507 টকাৰ বিল লাভ কৰিছো ৷ কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনৰ বাবে মোৰ দোকানখন বন্ধ হৈ আছিল ৷ মই অতি কম বিদ্যুৎ ব্যৱহাৰ কৰিছো ৷"

ঘটনাক লৈ বিজেপি নেতা গুলাব চন্দ কাটাৰিয়াই ৰাজ্য চৰকাৰক আক্ৰমণ কৰে আৰু অভিযোগ উত্থাপন কৰে যে বহু লোকে এক লাখৰ অধিক বিদ্যুৎ বিল লাভ কৰি আছে ৷ কাটাৰিয়াই কয়, "মই তথ্য লাভ কৰিছো যে, গিংলা গাঁৱৰ পেমাৰাম নামৰ এজন কৃষকে 3,71,61,507 টকাৰ বিল লাভ কৰিছে ৷ ৰাজস্থানৰ হাজাৰ হাজাৰ লোকে এক লাখৰ ওপৰত বিদ্যুৎ বিল লাভ কৰিছে ৷ ই ৰাজ্যখনত আইন শৃংখলা সমস্য়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ এই ক্ষেত্ৰত বিদ্যুৎ বিভাগে ধ্য়ান দিয়া উচিত যে তেওঁলোকৰ ভুলৰ বাবে সাধাৰণ লোকে জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগা নহয় ৷"

বিদ্যুৎ বিভাগৰ মুখ্য় অভিযন্তা এন এল ছালভিয়ে কয় যে, ভুলটো সমাধান কৰা হৈছে ৷ কম্পিউটাৰৰ চাৰ্ভাৰ তথা কোনো লোকৰ ভুলৰ বাবে এই সমস্যাৰ সৃষ্টি হ'ল ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details