অসম

assam

ETV Bharat / bharat

তেলেংগানাত আত্মহত্যা কৃষকৰ

গাঁও পঞ্চায়তৰ বিষয়ববীয়াৰ কৰ্মত ক্ষুব্ধ হৈ আত্মহত্যাৰ পথ বাছি লৈছে তেলেংগানাৰ পেদ্দাপল্লী জিলাৰ এগৰাকী কৃষকে ৷ কৃষক গৰাকীৰ পিতৃপ্ৰদত্ত ভূমি ভূৱা তথ্য দাখিলেৰে অইনৰ নামত অধিগ্ৰহণ কৰাৰ সম্পৰ্কত গাঁও পঞ্চায়তত গোচৰ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পঞ্চায়তে ৷ এই কাৰ্যত হতাশ হৈ কৃষক গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় ৷

Farmer commits suicide in front of Tehsildar office in Telangana's Peddapalli etv bharat news
তেলেংগানাত আত্মহত্যা কৃষকৰ

By

Published : Jun 21, 2020, 4:10 PM IST

তেলেংগানা,21 জুন:তেলেংগানাৰ পেদ্দাপল্লী জিলাৰ কলৱা শ্ৰীৰামপুৰৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে এক অঘটন ৷ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এগৰাকী কৃষকে কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰে ৷ মৃত মন্ধলা ৰাজী ৰেড্ডী নামৰ কৃষক গৰাকী কৰীমনগৰ জিলাৰ বীণাবংকা মণ্ডলৰ অন্তৰ্গত ৰেড্ডী পল্লী গাঁৱৰ বাসিন্দা আছিল ৷ উদ্ধাৰ হোৱা এক আত্মহত্যাৰ টোকাবহীত কৃষকগৰাকীয়ে পঞ্চায়তখনৰ মুৰব্বী বেণু গোপাল,ৰাজহ চক্ৰ বিষয়া গুৰুমুৰ্তি আৰু স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গৈছে ৷ লগতে প্ৰায় এক বিঘা 20 কঠাৰ কৃষক গৰাকীৰ পিতৃভূমিৰ এক অংশত বলপূৰ্বকভাৱে ব্যক্তিকেইগৰাকীয়ে স্বাক্ষৰ সংগ্ৰহ কৰাৰ বিষয়ে টোকাবহীখনত উল্লেখ আছে ৷ মৃত কৃষক গৰাকীৰ পুত্ৰই এই সন্দৰ্ভত স্পষ্ট মত পোষণ কৰিছে ৷ উক্ত ভূমি অন্য এগৰাকী লোকে ভূৱা তথ্য দাখিলেৰে হস্তগত কৰাৰ কথা প্ৰকাশ কৰে মৃত কৃষকগৰাকীৰ পুত্ৰই ৷

বিষয় সন্দৰ্ভত কৃষকগৰাকীয়ে গাঁও পঞ্চায়তত অভিযোগ দাখিল কৰিছিল যদিও কোনো সদুত্তৰ নোপোৱাত দেওবাৰে আত্মহত্যা কৰে ৷ লগতে উক্ত বিষয়ৰ নিস্পত্তিৰ নামত কৃষকগৰাকীয়ে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক ওপৰঞ্চি ধন দিয়াৰ কথা ব্যক্ত কৰে ৷ জিলাখনৰ উপ আৰক্ষী আয়ুক্ত সত্যনাৰায়ণে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি চৰকাৰী কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 306 নম্বৰত এক গোচৰ ৰুজু কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

লগতে চাওকঃভাৰতৰ ক্ষেত্ৰত নেপালে সংশোধন কৰিলে নাগৰিকত্ব আইন

ABOUT THE AUTHOR

...view details