অসম

assam

By

Published : Oct 14, 2020, 1:03 PM IST

ETV Bharat / bharat

কৃষি আইন: কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব 29 কৃষক সংগঠন

বুধবাৰে নতুন দিল্লীত কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব All India Kisan Sangharsh Coordination Committee (AIKSCC)ৰ সদস্যসকল । কৃষি আইনৰ বিৰোধিতা কৰা পঞ্জাৱৰ 29টা কৃষক সংগঠনক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় কৃষি সচিব সঞ্জয় আগৰৱালে ।

কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব 29 কৃষক সংগঠন
কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব 29 কৃষক সংগঠন

নিউজ ডেস্ক,14 অক্টোবৰ: কেন্দ্ৰত গৃহীত হোৱা তিনিখন কৃষি আইনৰ বিৰোধিতা কৰা পঞ্জাৱৰ 29টা কৃষক সংগঠনে বুধবাৰে নতুন দিল্লীত কেন্দ্ৰৰ সৈতে মিলিত হ'ব এক বৈঠকত ।

উল্লেখ্য যে,সোমবাৰে কেন্দ্ৰীয় কৃষি সচিব সঞ্জয় আগৰৱালে All India Kisan Sangharsh Coordination Committee (AIKSCC)ৰ সদস্যসকলক আমন্ত্ৰণ জনোৱাৰ পাচত সদস্যসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

কৃষক নেতাসকলৰ ভিতৰত বালবিৰ সিং ৰাজেৱাল,দৰ্শন পাল,জগজিত সিং দালেৱাল,জগমোহন সিং,কুলৱন্ত সিং,সুৰজিত সিং আৰু সতনাম সিং চাহনীও এই পেনেলত উপস্থিত থাকিব ।

“আমি কেন্দ্ৰৰ এই নিমন্ত্ৰণ ৰক্ষা কৰা নাছিলো । কিন্তু তেওঁলোকে কয় যে আমি কথা পাতিব বিচৰা নাই । আমি তেওঁলোকক কোনো সুযোগ দিব বিচৰা নাই । গতিকে আমি বৈঠকত মিলিত হবলৈ একমত হ'লো” । এগৰাকী কৃষক নেতাই সংবাদ মাধ্যমযোগে এই কথা উল্লেখ কৰে ।

আনহাতে,BKU (Dakaunda)ৰ সভাপতি বুটা সিং বুৰ্জগিলে তেওঁলোকৰ "rail roko" প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details