নিউজ ডেস্ক, ২০ মে': বিগত বৰ্ষৰ ঘূৰ্ণীবতাহ ফ'নীৰ অভিজ্ঞতাৰ পৰাই এইটো অনুমান কৰিব পাৰি NDRF য়ে ছুপাৰ চাইক্ল'ন আম্ফানৰ সৈতে অধিক উদ্যমেৰে যুদ্ধ কৰিবলৈ সক্ষম হ'ব । বুধবাৰে এই মন্তব্য কৰে NDRFৰ সঞ্চালক প্ৰধান এছ এন প্ৰধানে । প্ৰয়োজন অনুসৰি NDRF বাহিনীয়ে গছ কটাৰ পৰা পোষ্ট লগোৱা কামলৈকে কৰিবলৈ সাজু বুলিও মন্তব্য কৰে সঞ্চালক গৰাকীয়ে ।
ফ'নীৰ অভিজ্ঞতাই NDRF ক সাহসিকতাৰে যুঁজ দিবলৈ সহায় কৰিব লগতে এছ এন প্ৰধানে কয় যে, আমি বৰ্তমান সমস্যাৰে যুঁজি আছো সেয়া হৈছে মহামাৰী COVID-19 আৰু ঘূৰ্ণীবতাহ । যাৰ বাবে আমাৰ জোৱান সকলে পিপিই কীট পৰিধান কৰাৰ উপৰিও সামাজিক দূৰত্ব বজাই কাম কৰি আছে ।
তাৰোপৰি কয়, ইতিমধ্যে চৰকাৰী তথ্য অনুসৰি পশ্চিম বংগৰ পৰা ৫ লাখ আৰু উৰিষ্যাৰ পৰা ১৫৮৬৪০ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ।
আনহাতে, সৈতে যুঁজ দিবলৈ NDRFয়ে উৰিষ্যাত ২০ টা, পশ্চিম বংগত ১৯ টা টীম সাজু কৰি ৰাখিছে বুলি সদৰী কৰে । কিয়নো এই দুইখন ৰাজ্যতে ঘূৰ্ণীবতাহ অম্ফানৰদ্বাৰা অধিক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভৱনা অধিক ।
উল্লেখ্য যে, ৪ মে' ২০১৯ চনত হোৱা ফ'নীৰ বাবেই পশ্চিম বংগৰ তটীয় অঞ্চল, বাংলাদেশ আৰু উৰিষ্যাত ৮৫ ৰো অধিক লোকৰ মৃত্য়ু হয় । লগতে কোটি কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন হয় ।