অসম

assam

ETV Bharat / bharat

বাৰানসীৰ "পাপু কি চায় কি দোকান"ত "চায় পে চৰ্চা" - Chai pe charcha

লোকসভা নিৰ্বাচনক লৈ চৰ্চালৈ আহিছে বাৰানসীৰ এখন বিশেষ চাহৰ দোকান ৷ বাৰানসীৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় এইখন চাহ দোকানখন হৈছে "পাপ্পু কি চায় কি দোকান" ৷

বাৰানসীৰ "পাপু কি চায় কি দোকান"ত "চায় পে চৰ্চা"

By

Published : Apr 25, 2019, 9:19 AM IST

Updated : Apr 25, 2019, 1:28 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ গংগা নদীৰ পাৰত অৱস্থিত এখন বিখ্যাত চহৰ বাৰানসী ৷ হিন্দু ৰীতিৰ বাবে বিশেষভাৱে জনাজাত এইখন চহৰৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে লোকসভাৰ মনোনয়ন দাখিল কৰিব ৷ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ চহৰখনৰ লগতে চৰ্চালৈ আহিছে এখন বিশেষ চাহ দোকান ৷ চাহ বিক্ৰী কৰি দেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দিতা কৰিবলগীয়া বাৰানসী লোকসভা সমষ্টিৰ অন্তৰ্গত বাৰানসী চহৰৰ এইখন চাহ দোকান হৈছে "পাপ্পু কি চায় কি দোকান" ৷

চহৰখনৰ আচ্ছি চকত অৱস্থিত এইখন চাহ দোকান হৈছে বাৰানসীৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় "পাপ্পু কি চায় কি দোকান" ৷ শেহতীয়াকৈ চৰ্চালৈ অহা এই দোকানখনত ৰাজনীতিৰ উষ্ম আলোচনাকে ধৰি অন্যান্য বিষয়ত ভাগ লৈ আহিছে ৰাজনীতিবিদ, কবি, লেখক, সমালোচক, শিল্পী, শিক্ষাৰ্থীকে ধৰি স্থানীয় ৰাইজে ৷ চাহৰ সৈতে একেলগে ৰাজনীতিৰ আলোচনাত অংশগ্ৰহণ কৰা এইসকল লোকৰ উপস্থিতিয়ে দিনটোৰ বেছিভাগ সময়ে দোকানখন জীৱন্ত কৰি ৰাখে ৷ বিশেষকৈ এইবাৰ লোকসভা নিৰ্বাচনত বাৰানসী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিব ৷

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ আৰ পি সিঙৰ মতে, সমষ্টিটোৰ বাবে নৰেন্দ্ৰ মোডীৰ বিকল্প কোনো নাই ৷ যদিহে গংগা নদী পৰিস্কাৰ কৰা নহ'লহেতেন তেতিয়াহ'লে প্ৰিয়ংকা গান্ধীয়ে গংগাৰ পানী পিব নোৱাৰিলেহেতেন ৷ আন এগৰাকী স্থানীয় ব্যক্তি চান্দ পাণ্ডেৰ মতে নৰেন্দ্ৰ মোডীৰ সমান সমষ্টিটোৰ উন্নতি কোনোৱে কৰিব নোৱাৰে ৷ ইয়াত এতিয়া মোডী ছুনামী উঠিছে, এই ছুনামীত সকলো উটি যাব ৷ গংগা পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ অতিকে আদৰণীয় ৷ আন এগৰাকী লোকৰ মতে, বিগত 70 বছৰত সমষ্টিটোত কৰিব নোৱাৰা কাম মোডীয়ে 5 বছৰত কৰিছে ৷

আনহাতে ৰাম ভাৰত ওজাৰ মতে, 2014 চনত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে ৷ দুই কোটি চাকৰিৰ প্ৰলোভন দি ৰাইজৰ সমৰ্থন লাভ কৰিছিল মোডীয়ে ৷ কিন্তু শেহতীয়াকৈ নিবনুৱাৰ সংখ্যাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজেশ মিশ্ৰাই প্ৰকাশ কৰা অনুসৰি, বাৰনসীৰ বাবে এগৰাকী নতুন সাংসদৰ প্ৰয়োজন আছে ৷ ইয়াৰ বাবে কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী এগৰাকী যোগ্য প্ৰাৰ্থী ৷ বাহিৰৰ লোকসকলে মোডীক সমৰ্থন কৰিলেও স্থানীয় লোকসকলে মোডীক সমৰ্থন নকৰে ৷ চাহ দোকানখনৰ স্বত্বাধিকাৰীৰ পুত্ৰ মনোজৰ মতে, সমষ্টিটোৰ পৰা প্ৰিয়ংকা গান্ধী নাইবা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিলেও মোডীক হৰুৱাব নোৱাৰে ৷ মোডীৰ জয় নিশ্চিত ৷ দ্বিতীয়বাৰ কিয় তৃতীয়বাৰৰ বাবে মোডীক নিৰ্বাচন কৰিব সমষ্টিবাসীয়ে ৷

নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিন্তু এইখন চাহৰ দোকানে বহুতো পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে ৷ চহৰখনৰ অতি পুৰণি চাহ দোকান বনাম এখন মিনি সংসদ হিচাপেহে দোকানখন অধিক জনপ্ৰিয় ৷ চহৰখনৰ অধিকাংশ লোকেই এই দোকানখনত চাহ খাইছে আৰু সকলোৱে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, কূটনৈতিক আদি সকলো সমস্যাৰ বিষয়ে ইয়াত আলোচনাত অংশগ্ৰহণ কৰি আহিছে ৷

Last Updated : Apr 25, 2019, 1:28 PM IST

ABOUT THE AUTHOR

...view details