অসম

assam

ETV Bharat / bharat

ভাৰতীয় নাগৰিকক ৰাইফলৰ বটেৰে আক্ৰমণ নেপাল আৰক্ষীৰ - নেপাল

নেপালৰ সেনাই আটক কৰা বিহাৰৰ কিশোৰ লাগানসহ সমগ্ৰ পৰিয়াটোক ৰাইফলৰ বটৰে প্ৰহাৰ কৰে বুলি মন্তব্য কৰে কিশোৰ লগানে । ১৩ জুন শনিবাৰে নেপাল আৰক্ষীয়ে মুকলি কৰি দিয়া পাচতে বিহাৰৰ গৃহচহৰ ছিতামাৰহীত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে পৰিয়ালটোৱে ।

নেপালী আৰক্ষী
ভাৰতীয় নাগৰিকক ৰাইফলৰ বটেৰে আক্ৰমণ নেপালী আৰক্ষীৰ

By

Published : Jun 15, 2020, 10:50 AM IST

নিউজ ডেস্ক, ১৫ জুনঃ নেপালৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে আটক কৰা ভাৰতীয় নাগৰিক কিশোৰ লাগান সহ পৰিয়ালটোৰ সদস্য সকলক ১৩ জুন শনিবাৰে মুকলি কৰি দিয়া পাচতে বিহাৰৰ গৃহচহৰ ছিতামাৰহীত উপস্থিত হয় আটাইকেইজন । গৃহ চহৰত উপস্থিত হোৱা পাচতে পৰিয়ালটোক ৰাইফলৰ বটেৰে নেপাল আৰক্ষীয়ে আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰে ।

কিশোৰৰ মন্তব্য অনুসৰি, পত্নী আৰু পুত্ৰক লৈ নেপালৰ নাগৰিকক সীমাত লগ কৰিবলৈ যোৱাৰ সময়তে নেপাল আৰক্ষীয়ে গুলিবৰ্ষণ কৰে । সেই সময়তে আমাৰ পৰিয়ালটো ভাৰতৰ দিশে দৌৰিবলৈ চেষ্টা কৰো যদিও নেপাল আৰক্ষীয়ে আমাক আটক কৰি ৰাইফলেৰে মাৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাছতেই ভাৰত ভূমিৰে কিশোৰৰ পৰিয়ালটোক সংগ্ৰামপুৰলৈ লৈ যায় বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, ১২ জুনৰ পুৱা নেপাল আৰক্ষীয়ে সীমান্তত নেপালৰ নাগৰিকক লগ কৰিবলৈ যোৱাৰ সময়তে আটক কৰিছিল কিশোৰ লাগানসহ পৰিয়ালটোক ।

ABOUT THE AUTHOR

...view details