নিউজ ডেস্ক, 10 জুনঃ নিউয়ৰ্ক চহৰত আৰক্ষীৰ অত্যাচাৰ আৰু হিংসাৰ বলি হোৱা পৰিয়াল আৰু তেওঁলোকৰ সহযোগীসকলে মঙলবাৰে চহৰ খনত প্ৰতিবাদ সাব্যস্ত কৰে।
আমেৰিকাৰ নিউয়ৰ্ক চহৰত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ - নিযাতনৰ বলি
১২ টা আৰক্ষীৰ নিযাতনৰ বলি হোৱা পৰিয়াল আৰু শতাধিক লোকে নিউয়ক চহৰত তেওঁলোক ন্যায় প্ৰদানৰ বাবে দাবী জনাই আৰক্ষী বিভাগৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে।
আমেৰিকাত আৰক্ষীৰ বিৰুদ্ধ প্ৰতিবাদ
আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ১০০ জনীয়া দলটোৰ ভিতৰত ১২ টা আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত পৰিয়াল আছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে দায়বদ্ধতাৰ কথা কোৱা জনসাধাৰণৰ সুৰক্ষাৰ নকৰি নিৰীহ পৰিয়ালক অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নিউয়ৰ্ক আৰক্ষী বিভাগৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে জনসাধাৰণে ।
লগতে চাওকঃ OILৰ দুই নিখোজ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ