অসম

assam

ঠগৰ সমাজত শিক্ষাৰ বজাৰমূল্যঃ ভুৱা শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰৰে ভৰিছে দেশ

By

Published : Oct 23, 2019, 6:20 PM IST

কি চলিছে দেশৰ উচ্চশিক্ষাখণ্ডত ? কিমান সুৰক্ষিত তথা নিৰাপদ একোটা উচ্চ শিক্ষাৰ ডিগ্ৰী ? দেশত এক ভয়াৱহ জাল মেলিছে ভুৱা শৈক্ষিক প্ৰতিষ্ঠানে ৷ এইসমূহ ভুৱা শৈক্ষিক প্ৰতিষ্ঠানে কিদৰে লুটিছে দেশৰ শিক্ষাৰ্থীক ? সমগ্ৰ বিষয়টো সন্দৰ্ভত Eenadu ETVৰ চৰজমিন তদন্ত লৈ এই প্ৰতিবেদন ৷

ভুৱা শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰৰে ভৰিছে দেশ

এগৰাকী শিক্ষাৰ্থীয়ে শিক্ষাৰ লগতে এটা ডিগ্ৰী অৰ্জন কৰিবলৈ পঢ়া-শুনা কৰে ৷ কিন্তু এইসকল শিক্ষাৰ্থীক বাদ দি কিছুসংখ্যকে অন্যায়ৰ আশ্ৰয় লৈ বক্ৰপথেৰে একোটা ডিগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা কৰি আহিছে ৷ ডিগ্ৰী অৰ্জন কৰাটো এটা নিৰ্দিষ্ট সময়ৰ কাম, ভালদৰে পঢ়া-শুনা কৰা, শ্ৰেণীকোঠাত সম্পূৰ্ণ উপস্থিতি, প্ৰতিবছৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা,ভাল নম্বৰ লাভ কৰাৰ লগতে কঠোৰ পৰিশ্ৰম জড়িত হৈ থাকে ৷ যিসকলৰ মহাবিদ্যালয়ত উপস্থিত থাকি ক্লাছ কৰিবলৈ ধৈৰ্য নাথাকে,পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সময় নাথাকে তেওঁলোকৰ বাবে এটা দুষ্ট চক্ৰই ভুৱা ডিগ্ৰীৰ এখন ভয়াৱহ জাল মেলি দিছে ৷ ভাৰতত শিক্ষা এক লাভজনক ব্যৱসায়ত পৰিণত হোৱাৰ সময়তে উপভোক্তা আৰু বেপাৰীৰ ৰূপত উত্থান ঘটিছে এইসকল শিক্ষাৰ দালালৰ ৷ ফলশ্ৰুতিত ভুৱা ডিগ্ৰীৰে দেশ ভৰি পৰিছে ৷ ভুৱা প্ৰতিষ্ঠানবোৰে প্ৰদান কৰা দশমমান,দ্বাদশমান আৰু ডিগ্ৰী প্ৰমাণপত্ৰ দেশৰ প্ৰতিটো কোণতে বিয়পি পৰিছে ৷

10ৰ পৰা 15হাজাৰ টকা দিলেই বৰ্তমান সময়ত এটা ভুৱা ডিগ্ৰী নিজৰ নামত ক্ৰয় কৰি ল'ব পাৰি ৷ স্নাতক,স্নাতকোত্তৰ আৰু অভিযান্ত্ৰিক প্ৰমাণপত্ৰৰ বাবে এজনে20ৰ পৰা 75হাজাৰ টকা প্ৰদান কৰিলেই লাভ কৰে একোটা ভুৱা ডিগ্ৰী ৷ এইটো চক্ৰই গ্ৰাহকৰ পচন্দৰ বিশ্ববিদ্যালয়ৰ নামত এইসমূহ ডিগ্ৰী প্ৰদান কৰে ৷ এবছৰ পূৰ্বেই ভুৱা সংস্থাৰ দ্বাৰা PhD প্ৰমাণপত্ৰ প্ৰদানৰ এটা ঘটনা পোহৰলৈ আহিছিল তেলেংগানা ৰাজ্যত ৷ হায়দৰাবাদস্থিত জৱাহৰলাল নেহৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী অধ্যাপকৰ বিৰুদ্ধে এনেকুৱা এটা দুৰ্নীতিৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল নৰসিমহাই ৷ কিন্তু পৰৱৰ্তী সময়ত ঘটনাটোৰ কোনো তদন্তৰ দিশ পোহৰলৈ নাহিল ৷

এনে অৱস্থাত সংবাদ প্ৰতিষ্ঠান Eenadu-ETV এ নিজাববীয়াকৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছিল ৷ Eenadu-ETVৰ তদন্তত হায়দৰাবাদ চহৰত 10খন এনেকুৱা ভুৱা প্ৰতিষ্ঠানৰ কথা পোহৰলৈ আহিছিল যিয়ে, Annamalai University, Tamil Nadu University, Bangalore Universityআৰু Karnataka Universityৰ নামত অধ্যাপক আৰু গৱেষক শিক্ষাৰ্থীসকলৰ সৈতে যোগাযোগ ৰাখি তেওঁলোকক একোটা PhD ডিগ্ৰী প্ৰদান কৰিবলৈ আশ্বাস দিছিল ৷ একেদৰেই MTechত অধ্যয়নৰত শিক্ষাৰ্থীক PhD ডিগ্ৰী প্ৰদানৰ ঘটনা পোহৰলৈ আহিছিল উত্তৰ প্ৰদেশৰ Shri Venkateshwara Universityত ৷ এনেকুৱা ভুৱা প্ৰতিষ্ঠানবোৰে 4 লাখ টকাৰ বিনিময়ত শিক্ষাৰ্থীসকলক Synopsis,Dissertation আৰু অভিযান্ত্ৰিকতাৰ PhD ডিগ্ৰী ছমাহৰ ভিতৰতে প্ৰদান কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছিল ৷ অন্যান্য গৱেষণামূলক ডিগ্ৰীৰ বিপৰীতে এইসমূহ ভুৱা প্ৰতিষ্ঠানে কম ধনৰ মূল্যতে ডিগ্ৰী প্ৰদান কৰি আহিছে ৷ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিচতে এইসমূহ ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ দেশত এতিয়াও হাজাৰ হাজাৰ এনেকুৱা ভুৱা শৈক্ষিক প্ৰতিষ্ঠানে দপদপাই আছে ৷

চৰকাৰী পৰিসংখ্যা অনুসৰি, 2010-11 বৰ্ষৰ বাবে 78,000 গৰাকী শিক্ষাৰ্থীয়ে PhDৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ আগন্তুক 7 বৰ্ষৰ ভিতৰত এই সংখ্যা 1,60,000লৈ বৃদ্ধি হয় ৷ বিশ্ববিদ্যালয় অনুদান আয়োগে গৱেষণাৰ গুণগত মান অধিক নিম্মগামী হোৱা বুলি প্ৰকাশ কৰিছে ৷ ভুৱা PhD প্ৰমাণপত্ৰ প্ৰদানৰ কৰাটো বৰ্তমান সময়ত এটা উদ্যোগত পৰিণত হৈছে ৷ ৰাজস্থানত এবছৰৰ ভিতৰতে PhDত নামভৰ্তি 70 শতাংশ বৃদ্ধি পায় ৷ All India Survey on Higher Education(AISHE)এ সমগ্ৰ বিষয়টোৰ তদন্ত কৰি ইয়াৰ পিচত চাৰিখনকৈ ব্যক্তিগত বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলক ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা বিষয়টো পোহৰলৈ আনে ৷ এই চাৰিখন বিশ্ববিদ্যালয়ত কোনো গুণী অধ্যাপক তথা গৱেষক শিক্ষাৰ্থী নথকাৰ তথ্য পোহৰলৈ আহিছিল ৷

এখন তদন্তকাৰী কমিটীয়ে মধ্যপ্ৰদেশৰ Barkatullah Universityএ প্ৰদান কৰা 20 খনকৈ PhD প্ৰমাণপত্ৰ খাৰিজ কৰিছিল ৷ কাশ্মীৰত আৰক্ষীয়ে 10 মিনিটৰ ভিতৰত ভুৱা ডিগ্ৰী প্ৰমাণপত্ৰ প্ৰদান কৰা এটা চক্ৰক গ্ৰেপ্তাৰ কৰাৰ পিচত,পোহৰলৈ আহিছিল যে, কাশ্মীৰত প্ৰদান কৰা এক পঞ্চমাংশ গৱেষণামূলক ডিগ্ৰীয়ে ভুৱা ৷ কিছুমাহ পূৰ্বে গুড়িৱাড়া নামে ঠাইতো জব্দ হৈছিল শ-শ ভুৱা ডিপ্ল'মা আৰু ডিগ্ৰী প্ৰমাণপত্ৰ ৷ এইসমূহ উদাহৰণে সমগ্ৰ বিষয়টোৰ গভীৰতা উদঙাই দিবলৈ সক্ষম হৈছে ৷ তিনিবছৰ পূৰ্বে নেপাল চৰকাৰে 35গৰাকীকৈ চৰকাৰী চিকিৎসকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷ বিহাৰত অধিগ্ৰহণ কৰা ভুৱা প্ৰমাণপত্ৰৰে চাকৰিত মকৰল হৈছিল এইসমূহ চিকিৎসক ৷ একেদৰেই থাইলেণ্ডৰ উচ্চশিক্ষা মন্ত্ৰালয়েও বিহাৰৰ Magadh Universityএ প্ৰদান কৰা 40খনকৈ প্ৰমাণপত্ৰ প্ৰত্যাহাৰ কৰি ভুৱা বুলি ঘোষণা কৰিছিল ৷

ভুৱা প্ৰমাণপত্ৰ চক্ৰ আৰু নিম্নগামী শিক্ষাই দেশৰ ভাবমূৰ্তিৰ প্ৰতি চিন্তাৰ কাৰণ হিচাপে দেখা দিছে ৷ এইসমূহ ঘটনা ৰোধ কৰিবলৈ এতিয়ালৈকে কোনো উপযুক্ত ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই ৷ যেতিয়ালৈকে এইসমূহ চক্ৰক চিনাক্ত কৰি জেললৈ পঠিওৱা নহয় তেতিয়ালৈকে শিক্ষাখণ্ডৰ দুৰ্নীতি ৰোধ কৰিব পৰা নাযাব ৷

ABOUT THE AUTHOR

...view details