নিউজ ডেস্ক, ৩০ জুন :গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰা অনুসৰি, মংগলবাৰে চছিয়েল মিডিয়াত এক ভুল বাৰ্তা প্ৰেৰণ কৰে যে, স্বায়ত্ব শাসিত অঞ্চল জম্বু-কাশ্মীৰ আৰু লাডাখ অঞ্চলত ইন্টাৰনেট বন্ধ কৰিব ।
গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ভুৱা টুইট ছ'চিয়েল মিডিয়াত ভাইৰেল - প্ৰশাসন
গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰা অনুসৰি, মংগলবাৰে চছিয়েল মিডিয়াত এক ভুৱা বাৰ্তা প্ৰেৰণ কৰে যে, স্বায়ত্ব শাসিত অঞ্চল জম্বু-কাশ্মীৰ আৰু লাডাখ অঞ্চলত ইন্টাৰনেট সেৱা বন্ধ থাকিব । এম এ এচৰ মুখপাত্ৰৰ মতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত চছিয়েল মিডিয়াত এটা ভুৱা টুইট ভাইৰেল হৈ আছে । যত উল্লেখ কৰা হৈছে যে, স্বায়ত্ব শাসিত অঞ্চল কেইটাত ইন্টাৰনেট বন্ধ কৰি দিয়া হ'ব । গৃহ মন্ত্ৰালয়ৰ ফালৰ স্পষ্ট কৰা অনুসৰি, উক্ত টুইটো ভুৱা ।
![গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ভুৱা টুইট ছ'চিয়েল মিডিয়াত ভাইৰেল fake-alert-no-amit-shah-didnt-say-internet-will-be-snapped-in-jk-ladakh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:46:10:1593508570-fake-3006newsroom-1593494299-782.jpg)
এম এ এচৰ মুখপাত্ৰৰ মতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত চছিয়েল মিডিয়াত এটা ভুৱা টুইট ভাইৰেল হৈ আছে । যত উল্লেখ কৰা হৈছে যে, স্বায়ত্ব শাসিত অঞ্চল কেইটাত ইন্টাৰনেট বন্ধ কৰি দিয়া হ'ব । গৃহ মন্ত্ৰালয়ৰ ফালৰ স্পষ্ট কৰা অনুসৰি, উক্ত টুইটি নকল । লগতে এম এ এচৰ মুখপাত্ৰ গৰাকীয়ে জনোৱা অনুসৰি, গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এনেকুৱা কোনো ধৰণৰ টুইট কৰা হোৱা নাই । ইয়াৰ পূৰ্বে ১৭ জুনত জম্বু-কাশ্মীৰ প্ৰশাসনে নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে উক্ত অঞ্চলত ৪ জুলাইলৈ হাই স্পীড ইন্টাৰনেট বন্ধ কৰা হৈছিল । স্বায়ত্ব শাসিত অঞ্চলত যাতে সন্ত্ৰাসবাদীয়ে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । লগতে উল্লেখনীয় যে, পোষ্টপেড আৰু ফিকছ লাইন গ্ৰাহকৰ বাবে 2G ইন্টাৰনেট উপলব্ধ থকা বুলি উল্লেখ কৰে ।