অসম

assam

ETV Bharat / bharat

ভয়াৱহ আৰ্থিক সংকটত গাড়ী চালকসকল

উত্তৰাখণ্ড পথ-পৰিবহন বিভাগক কৰ্মচাৰীসকলৰ দৰমহা আদিৰ বাবদ প্ৰতিদিনে মুঠ ৭৫ লাখ টকাৰ প্ৰয়োজন হয়। কিন্তু বিগত দুদিনত বিভাগটোৱে কেৱল ৫,২৭,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

By

Published : Jun 29, 2020, 4:35 PM IST

উত্তৰাখণ্ড
Facing financial crisis, Uttarakhand transporters start surrendering vehicles

নিউজ ডেস্ক, ২৯ জুনঃ কোভিড-১৯ মহামাৰীৰ বাবে ভয়াৱহ বিত্তীয় সংকটৰ সম্মুখীন হৈছে উত্তৰাখণ্ডৰ গাড়ী চালকসকল। সম্প্ৰতি পৰিবহন বিভাগক বাহনসমূহ গতাই দিয়াৰ বাবে চালকসকলে আৱেদন জনাইছে। ইতিমধ্যে গাড়ৱাল শাখাৰ প্ৰায় ৩৮০ খন বাছ আৰু ট্ৰাক পৰিবহণ বিভাগক গতাই দিয়াৰ বাবে আৱেদন জনাইছে বুলি জানিব পৰা গৈছে ।

কোভিড-১৯ৰ বাবে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বাছ চলাচল কৰাটো সম্ভৱ নহয় বুলি উত্তৰাখণ্ড পথ মহাসংঘই প্ৰকাশ কৰে । তদুপৰি, এই মহামাৰীৰ বাবে ৰাজ্যখনত পৰ্যটকৰ অহা-যোৱা বন্ধ হৈ পৰাত পৰিবহণ বিভাগত ব্যাপক প্ৰভাৱ পৰিছে বুলি উত্তৰাখণ্ড পথ মহাসংঘৰ সভাপতি সুধিৰ ৰাজে প্ৰকাশ কৰে । চৰকাৰে এইক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ইয়াৰ পৰা বিশেষ লাভ হোৱা নাই বুলি সুধিৰ ৰাজে উল্লেখ কৰে।

লোকচানৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ড চৰকাৰে যাত্ৰীসকলৰ ভাড়া দুগুণ বৃদ্ধি কৰিছিল যদিও যাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাত পৰিবহণ বিভাগক আগৰ গতিত উভতাই আনিবলৈ সক্ষম হোৱা নাই।

"ইতিমধ্যে বহুসংখ্যক বাছ তথা ট্ৰাক চালকে বাহনসমূহ বিভাগক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ এই পৰিস্থিতিত যান-বাহনৰ চলাচল কৰাটো অত্যন্ত কঠিন। তদুপৰি, ৰাজ্য চৰকাৰে যাত্ৰীৰ ভাড়া দুগুণ কৰাৰ সিদ্ধান্তও উচিত নহয়" বুলি গাড়ৱাল শাখাৰ সভাপতি জিত্ সিং পাটৱালে প্ৰকাশ কৰে।

ভয়াৱহ আৰ্থিক সংকটৰ সম্মুখীন উত্তৰাখণ্ডৰ গাড়ী চালকসকল

উল্লেখ্য যে, উত্তৰাখণ্ড পথ-পৰিবহন বিভাগক কৰ্মচাৰীসকলৰ দৰমহা আদিৰ বাবদ প্ৰতিদিনে মুঠ ৭৫ লাখ টকাৰ প্ৰয়োজন হয়। কিন্তু বিগত দুদিনত বিভাগটোৱে কেৱল ৫,২৭,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

ABOUT THE AUTHOR

...view details