অসম

assam

ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ ইতিহাস

ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰিলে প্ৰথমে 1950 চনত আৰম্ভ হোৱা ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত প্ৰথমে গোপাল সিঙ বিশৰাদে ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পোষকতা কৰিছিল ৷ পৰৱৰ্তী সময়ত 1959 চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংবিধানৰ আধাৰত গোচৰ ৰুজু কৰিছিল ৷ আৰু তেতিয়াই বিশ্ব হিন্দু পৰিষদৰ পৃষ্ঠপোকষতাত সমগ্ৰ ভাৰতবৰ্ষতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ হৈছিল ৷

Faces behind Ram JanamBhoomi Movement
ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস

By

Published : Aug 3, 2020, 11:20 PM IST

নিউজ ডেস্ক, 3 আগষ্ট : ইতিমধ্যে তুংগত উঠিছে ৰাম মন্দিৰ নিৰ্মাণৰ সকলো প্ৰস্তুতি ৷ সজাই-পৰাই তোলা হৈছে ৰাম জন্মভূমি অযোধ্যা ৷ 5 আগষ্টত ভূমি পূজনৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে, অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাই ৷ ৰাম মন্দিৰ নিৰ্মাণৰ ইতিহাস বিশ্লেষণ কৰিলে বহু কেইগৰাকী নেতাৰ নাম মনলৈ আহে ৷ তাৰে ভিতৰত অশোক সিংঘাল, লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশীআৰুৰাম চন্দ্ৰ দাসৰ অৱদান উল্লেখনীয় ৷

ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰিলে প্ৰথমে 1950 চনত আৰম্ভ হোৱা ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত প্ৰথমে গোপাল সিঙ বিশৰাদে ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পোষকতা কৰিছিল ৷ পৰৱৰ্তী সময়ত 1959 চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংবিধানৰ আধাৰত গোচৰ ৰুজু কৰিছিল ৷ আৰু তেতিয়াই বিশ্ব হিন্দু পৰিষদৰ পৃষ্ঠপোকষতাত সমগ্ৰ ভাৰতবৰ্ষতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ হৈছিল ৷

একেদৰে বিশ্ব হিন্দু পৰিষদৰ অধ্যক্ষ অশোক সিংঘালেও ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল ৷ তেওঁৰ লগতে মহন্ত অভদ্যানাথৰ অৱদানো উল্লেখনীয় ৷ যিগৰাকী নেতাই ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল ৷ অবেদ্ৰা নাথে পৰৱৰ্তী সময়ত ৰাম জন্মভূমি মুক্তি সংঘ সমিতি নামৰ এক সমিতি গঠন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছিল ৷

ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস

ইফালে বজৰংগ দলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় কতিয়ালে ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনক সমৰ্থন জনাইছিল ৷ পৰৱৰ্তী সময়ত তেওঁ আন্দোলনটোক ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মজিয়ালৈ লৈ যাবলৈ সক্ষম হৈছিল ৷ কিন্তু সেই সময়ত বিজেপিৰ অধ্যক্ষ লাল কৃষ আদৱানীয়ে 'ৰথযাত্ৰা' নামৰ এক অনুষ্ঠান আৰম্ভ কৰি সমগ্ৰ আন্দোলনটোক জনমানসত সমাদৃত কৰিছিল ৷

আনহাতে, 1991 চনত মুৰলী মনোহৰ যোশীয়ে বিজেপিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচত তেওঁ পুনৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দাবী উখাপন কৰে ৷ পৰৱৰ্তী সময়ত সেই সময়ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙে 2.77 একৰ ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল ৷

ইফালে, শিৱ সেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেও ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত সন্মুখৰ পৰাই নেতৃত্ব বহন কৰিছিল ৷ বিজেপিৰ জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীও ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ এখন চিনাকী মুখ আছিল ৷ যিগৰাকী নেত্ৰীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিভিন্ন ধৰণে মাত মাতি অহা পৰিলক্ষিত হৈছিল ৷

উল্লেখনীয় যে, বিজেপি, BHPN, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত বিশেষ অৱদান আগবঢ়াইছিল ৷

লগতে পঢ়ক : আজি বিশ্ব সংস্কৃত দিৱস

ABOUT THE AUTHOR

...view details