অসম

assam

ETV Bharat / bharat

ঘৃণনীয় ভাষ্য নিষিদ্ধ কৰা হৈছে যদিওঁ কৰিব লগা আৰু আছে: ফেচবুক - নীতি নিৰ্ধাৰণ

'আমি ফেচবুকত ঘৃণা তথা বিদ্বেশ বিয়পোৱা ভাষ্য নিষিদ্ধ কৰিছো, যি সমাজত বিৰোপ প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন সময়ত হিংসা বিয়পাই আহিছে । তাৰোপৰি আমি কোনো ৰাজনৈতিক স্থিতি অথবা কোনো দলীয় সহযোগীতাক বিবেচনা নকৰাকৈ বিশ্বব্যাপী এই নীতি গ্ৰহণ কৰিছো যদিওঁ আমি উপলব্ধি কৰিছো এই ক্ষেত্ৰত কৰিব লগা আৰু অধিক আছে । সেয়েহে ইয়াক সঠিকভাৱে প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে প্ৰক্ৰিয়াটোক লৈ নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছো ।' এইদৰে উল্লেখ কৰিলে ফেচবুকৰ এগৰাকী মুখপাত্ৰই ।

Facebook says it prohibits hate speech but there is more to do
ঘৃণনীয় ভাষ্য নিষিদ্ধ কৰা হৈছে যদিওঁ কৰিব লগা আৰু আছে: ফেচবুক

By

Published : Aug 17, 2020, 10:07 PM IST

নিউজ ডেস্ক,১৭ আগষ্ট: ফেচবুক, যি বৰ্তমান সময়ত কিছুমান অদৰকাৰী ৰাজনৈতি সমালোচনাৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে । সেয়েহে ছ'চিয়েল মেডিয়াৰ প্লেটফৰ্মত ইয়াক নিয়ন্ত্ৰণৰ উদ্দেশ্যে ফেচবুকত ঘৃণা তথা বিদ্বেশ বিয়পোৱা ভাষ্য নিষিদ্ধ কৰি ইয়াক কোনো ৰাজনৈতিক স্থিতি অথবা কোনো দলীয় সহযোগীতাক বিবেচনা নকৰাকৈ বিশ্বব্যাপী এই নীতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে ফেচবুকৰ এগৰাকী মুখপাত্ৰই ।

ছ'চিয়েল মেডিয়াৰ এটা সৰ্ববৃহৎ প্লেটফৰ্ম ফেচবুকে ভাৰতবৰ্ষক ব্যৱসায়ৰ এখন বহল বজাৰ হিচাবে গন্য কৰি আহিছে যদিও স্বীকাৰ কৰিলে, ইয়াত কৰিব লগা আৰু অধিক আছে । সোমবাৰে এই ধৰনে উল্লেখ কৰিলে ফেচবুকৰ মুখপাত্ৰ গৰাকীয়ে ।

ফেচবুকৰ মুখপাত্ৰ গৰাকীয়ে ক'লে, 'আমি ফেচবুকত ঘৃণা তথা বিদ্বেশ বিয়পোৱা ভাষ্য নিষিদ্ধ কৰিছো যি সমাজত বিৰোপ প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন সময়ত হিংসা বিয়পাই আহিছে । তাৰোপৰি আমি কোনো ৰাজনৈতিক স্থিতি অথবা কোনো দলীয় সহযোগীতাক বিবেচনা নকৰাকৈ বিশ্বব্যাপী এই নীতি গ্ৰহণ কৰিছো যদিওঁ আমি উপলব্ধি কৰিছো এই ক্ষেত্ৰত আৰু অধিক কৰিব লগা আছে । সেয়েহে ইয়াক সঠিকভাৱে প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে প্ৰক্ৰিয়াটোক লৈ নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছো ।'

দেশৰ ক্ষমতাত থকা বিজেপি আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলৰ ফেচবুকত হৈ থকা পক্ষপাতমূলক ভাষ্যৰ কথা উল্লেখ কৰিবলৈ গৈ এই ধৰণে ক'লে ফেচবুকৰ মুখপাত্ৰ গৰাকীয়ে ।

উল্লেখ্য যে, ফেচবুকে ৰাষ্ট্ৰীয়তাবাদী কণ্ঠক ৰুদ্ধ কৰা বুলি বিজেপিয়ে অভিযোগ কৰাৰ বিপৰীতে কংগ্ৰেছে এখন ৱাল ষ্ট্ৰিট জাৰ্ণেলৰ প্ৰতিবেদন জব্দ কৰি অভিযোগ তুলিলে যে, ফেচবুকে ক্ষমতাত থকা দলটোৰ সপক্ষে থাকি বিষয়বস্তুৰ নীতি নিৰ্ধাৰণ কৰে ।

ABOUT THE AUTHOR

...view details