অসম

assam

ETV Bharat / bharat

জনা-নজনা: পাহাৰ বগাই বগাই কৰে কাপোৰ ইষ্ট্ৰি - আজৱ

পাহাৰৰ কোনো খৰস্ৰোতা নৈৰ ওপৰত থকা এডাল সাঁকোত উঠি কাপোৰ ইষ্ট্ৰি কৰাৰ বিষয়ে কেতিয়াবা আপুনি শুনিছেনে ? যদি নাজানে তেন্তে চাওক আমাৰ এই প্ৰতিবেদন...

পাহাৰ বগাই বগাই কৰে কাপোৰ ইষ্ট্ৰি
পাহাৰ বগাই বগাই কৰে কাপোৰ ইষ্ট্ৰি

By

Published : Sep 11, 2020, 5:12 PM IST

নিউজ ডেস্ক, 11 ছেপ্তেম্বৰ:ইষ্ট্ৰি কৰা পৰিপাটিকৈ থকা কাপোৰ পিন্ধিবলৈ কাৰ মন নাযায় ৷ সকলোৰে মন নিজে পৰিধাণ কৰা কাপোৰখিনি অন্তত পৰিপাটিকৈ থাকক ৷ কিন্তু কেতিয়াবা আপুনি ভাবিছেনে কোনো লোকে পাহাৰৰ বগাই বগাইয়ো কাপোৰ ইষ্ট্ৰি কৰে ? বা পাহাৰৰ কোনো খৰস্ৰোতা নৈৰ ওপৰত থকা এডাল সাঁকোত উঠিও ইষ্ট্ৰি কৰাৰ কথা ?

এইয়া এক ধৰণৰ খেল ৷ সঁচাকৈয়ে বহু বিচিত্ৰ ধৰণৰ খেল আছে পৃথিৱীত ৷ এবাৰ এদল স্কাই ড্ৰাইভাৰে মাজ আকাশত জাপ দিও ইষ্ট্ৰি কৰা পৰিলক্ষিত হৈছিল ৷ তেওঁলোক শূন্যত উপঙি আছিল, লগতে ভাহি আছিল আইৰণ ব'ৰ্ড, কাপোৰ আৰু ইষ্ট্ৰিও ৷ যেতিয়ালৈ তেওঁলোকে ভূমি স্পৰ্শ কৰে তেতিয়ালৈ কাপোৰবোৰ পৰিপাটিকৈ ইষ্ট্ৰি হৈ আছিল ৷

এই আজৱ খেলবিধৰ নাম হৈছে এক্সট্ৰিম আইৰণিং ৷ এইয়া এক বিচিত্ৰ খেল ৷ বিভিন্ন পৰিস্থিত কাপোৰ ইষ্ট্ৰি কৰাৰ পৰীক্ষা লোৱা হয় খেলবিধত ৷ কেতিয়াবা যদি গছত উঠি, কেতিয়াবা আকৌ পানীৰ তলত আৰু কেতিয়াবা জংঘলত ৷ প্ৰতি মূহুৰ্ততে আপোনাৰ ক্ষমতাৰ পৰীক্ষা ল'ব এই খেলে ৷

প্ৰথমতে আপুনি কোনো এক অতি বিপদজনক স্থানত যাব লাগিব ৷ লগত থাকিব এখন আইৰণ ব'ৰ্ড, তাঁৰবিহীন এটা ইষ্ট্ৰি আৰু কেতবোৰ শোতোৰা পৰা কাপোৰ ৷ সেই স্থানতে আপুনি যিকোনো পৰিস্থিতিতে কাপোৰ ইষ্ট্ৰি কৰিব লাগিব ৷ যিয়ে যিমান চৰম পৰিস্থিতিত ভালদৰে কাপোৰ ইষ্ট্ৰি কৰিব তেৱেঁই হ'ব সেই খেলৰ বিজয়ী ৷ ইয়াৰ লগতে কিমান দ্ৰুত গতিত কোনোৱে কাপোৰ ইষ্ট্ৰি কৰে সেই বিষয়কো প্ৰাধান্য দিয়া হয় ৷

1980 চনত ইংলেণ্ডৰ য়ৰ্কশায়াৰ ডালাস ৰাষ্ট্ৰীয় উদ্যানত প্ৰখমে কাপোৰ ইষ্ট্ৰি কৰাৰ পৰিলক্ষিত ৷ টনী হিয়াম নামৰ এগৰাকী লোকে তাত কাপোৰ ইষ্ট্ৰি কৰি আছিল ৷ তেওঁ ভনীজোৱায়েক জন স্লেটাৰে তম্বুত থাকি কাপোৰ ইষ্ট্ৰি কৰিছিল ৷ তেওঁৰ সেই কামে টনীক অনুপ্ৰাণিত কৰিছিল ঘৰৰ বাহিৰত কাপোৰ ইষ্ট্ৰি কৰিবলৈ ৷ তাৰ পাচত 1990 পৰ্যন্ত টনীয়ে সকলো সময়তে গাড়ীত কঢ়িয়াই লৈ ফুৰে আইৰণ ব'ৰ্ড আৰু ইষ্ট্ৰি ৷ তেনেদৰে ঘূৰি ফুৰি তেওঁ ভিতৰুৱা কিছুমান এলেকাত কাপোৰ ইষ্ট্ৰি কৰিছিল ৷

লাহে লাহে সেই বিষয়টোৱে লাভ কৰে জনপ্ৰিয়তা ৷ 2002 চনত জাৰ্মানিৰ এটা সংস্থাই এক্সট্ৰিম আইৰণিং প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ এক্সট্ৰিম আইৰণিং খেলক খেল হিচাপে পৰিগণিত কৰিব পাৰি নে নোৱাৰি সেই বিষয়ে বহু লোকৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিলেও, একাংশ লোকৰ বাবে এই খেল বাৰুকৈয়ে জনপ্ৰিয় ৷

লগতে পঢ়ক:জনা-নজনা: গাত থু পেলাই সন্মান জনায় এওঁলোকে !

ABOUT THE AUTHOR

...view details